দিল্লীৰ প্ৰদূষণক লৈ এতিয়াও নৰম হোৱা নাই উচ্চতম ন্যায়ালয় ৷ বৰঞ্চ প্ৰদূষণৰ মাত্ৰা হ্ৰাস পালেও এই গোচৰটোৰ শুনানি গ্ৰহণ কৰাৰ লগতে নির্দেশ প্ৰদান কৰি যাব বুলিও আজি প্ৰকাশ কৰিছে ন্যায়ালয়ে ৷ কেন্দ্ৰীয় চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় ‘ এইখন দেশৰ ৰাজধানী ৷ চাঁওক, আমি বিশ্ববাসীক কি বার্তা প্ৰেৰণ কৰিছো ৷পৰিসংখ্যাৰ ভিত্তিত আপোনালোকে আগতীয়াকৈ পৰিস্থিতিৰ বিষয়ে অবগত কৰিব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ যাতে পৰিস্থিতি অধিক শোচনীয় হোৱাৰ পুর্বে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহন কৰিব পৰা যায় ৷’ উল্লেখযোগ্য যে আজি পুৱাও দিল্লীৰ বায়ু প্ৰদুষণৰ মাত্ৰা হৈছে অত্যন্ত শোচনীয় ৷ দীপাৱলীত ন্যায়ালয়ৰ নির্দেশনা ভংগ কৰি অত্যাধিক ফটকা ফুটুৱাৰ ফলত দিল্লীৰ বায়ু প্ৰদুষণৰ মাত্ৰা শোচনীয় হৈ পৰিছিল ৷ আনকি দিল্লীত চৰকাৰী কার্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷ ঘৰৰ ভিতৰতো দিল্লীৰ বাসিন্দাসকলক মাস্ক পৰিধান কৰিবলৈ উপদেশ দিছিল চৰকাৰে৷