দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ সকলো শিক্ষাৰ্থীৰ মনতে এটা হেপাহ থাকে। কিন্তু সকলোৰে বাবে এই আশা পুৰন কৰাতো সম্ভবপৰ নহয়। কিয়নো দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে প্ৰয়োজন উচ্চ নম্বৰৰ। শেহতীয়াকৈ প্ৰকাশ কৰা কাট অফ মাৰ্ক অনুসৰি দিল্লী বিশ্ববিদ্যালয়ৰ ১০ বিষয়ত অধ্যয়নৰ বাবে প্ৰয়োজন হ’ব এশ শতাংশ নম্বৰ।
শ্ৰীৰাম কলেজ অফ কমাৰ্চত বি কম আৰু অৰ্থনীতি বিষ্যত অধ্যয়নৰ বাবে ১০০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীয়েহে আবেদন কৰিব পৰিব। হন্সৰাজ কলেজ আৰু সুখদেব কলেজ অফ বিজনেজ স্তাডিজ আৰু দীন দয়াল উপধ্যায় মহবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিষয়ত ১০০ শতাংশ কাট অফ মাৰ্ক নিৰ্ধাৰন কৰা হৈছে।
হিন্দু আৰু ৰামজাস কলেজতো ৰজনীতি বিজ্ঞান বিভাগত ১০০ শতাংশ কাট অফ মাৰ্ক নিৰ্ধাৰন কৰা হৈছে। এই কলেজত পদাৰ্থ বিজ্ঞান বিভাগত ১০০ শতাংশ নম্বৰ পোৱা শিক্ষাৰ্থীয়ে অবেদন কৰিব পাৰিব। এচ জি বি টি খালচা কলেজৰ বি কমৰ বাবে অবেদন কৰিব পাৰিব।