ক’ভিডৰ সংক্ৰমনৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে দেশত বলবৎ কৰা বিভিন্ন নিষেধাজ্ঞাৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে ৷ ইয়াৰ মাজতে দীর্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ শিক্ষার্থীৰ বাবে দুৱাৰ মুকলি কৰি দিবলৈ সাজু হৈছে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান দিল্লী বিশ্ববিদ্যালয় ৷ ক’ভিডৰ বাবে অনলাইনৰ জৰিয়তে পাঠদান অব্যাহত ৰখা শিক্ষা প্ৰতিষ্ঠানখনে অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা শ্ৰেণীকোঠাত আৰম্ভ কৰিব পাঠদান ৷ শেহতীয়াকৈ অনুষ্ঠিত শৈক্ষিক পৰিষদৰ বৈঠকত পুনৰ অফলাইন মাধ্যমত পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনৰ কতৃপক্ষই ৷
এখন জাননীৰ জৰিয়তে পুনৰ পাঠদান আৰম্ভ কৰাৰ কথা ঘোষণা কৰি শিক্ষা প্ৰতিষ্ঠানখনে কয় “কোভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমুহ অনলাইন মাধ্যমেৰে অব্যাহত আছে। দিল্লী বিশ্ববিদ্যালয় আৰু ইয়াৰ মহাবিদ্যালয়সমূহত নামভৰ্তি কৰা শিক্ষাৰ্থীসকল দেশৰ ভিন্ন প্ৰান্তৰ পৰা অনলাইনত শিক্ষা গ্ৰহণ কৰি আহিছে । ক’ভিডৰ সংক্ৰমন অব্যাহত থকাৰ সময়তে কম সময়ৰ ভিতৰতে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ বাবে দিল্লীত উপস্থিত হোৱাতো কঠিন। শিক্ষাৰ্থীসকলে তেওঁলোকৰ নিজ নিজ গৃহচহৰৰ পৰা দিল্লীলৈ যাত্ৰাৰ ব্যৱস্থা কৰাৰ বাবে উপযুক্ত সময়ৰ প্ৰয়োজন ৷”
পুনৰ পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত কতৃপক্ষই জাৰি কৰিছে কেতবোৰ নীতি নির্দেশনা ৷ সেই অনুসৰি বহিঃৰাজ্যৰ পৰা যোৱা শিক্ষার্থীসকলে দিল্লীত উপস্থিত হোৱাৰ পাছত তিনিদিন আইচ’লেচনত থাকিব লাগিব ৷ বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়সমুহৰ বিভাগ,পুথিভঁৰাল,গৱেষণাগাৰ আৰু কেণ্টিনসমূহো 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ৷ ক’ভিডৰ সংক্ৰমন প্ৰতিৰোধ কৰাৰ বাবে শ্ৰেণীসমুহত মাস্ক পৰিধান, চেনিটাইজাৰৰ ব্যৱহাৰ তথা সামাজিক দুৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে ৷