মণিপুৰৰ হিংসাক লৈ বিৰোধীয়ে সংসদ কঁপাই থকাৰ সময়তে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় অধিক শংকিত হৈ পৰিছে । কোৱা হৈছে যে জম্মু-কাশ্মীৰ, বাংলাদেশ আৰু ম্যানমাৰত আল কায়দাৰ প্ৰভাৱ বৃদ্ধি পাইছে। নিৰাপত্তা পৰিষদৰ এই প্ৰতিবেদন অনুসৰি ওছামা মেহমুদৰ নেতৃত্বত উপমহাদেশখনত প্ৰায় ৪০০ উগ্ৰপন্থীয়ে থিতাপি লৈছে ৷
বাংলাদেশ আৰু জম্মু-কাশ্মীৰত আল কায়দাৰ উগ্ৰপন্থীৰ উত্থানৰ অৰ্থ হ’ল দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰা। শেহতীয়াকৈ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ম্যানমাৰৰ শাসকসকলৰ সৈতে আলোচনা কৰি সীমান্তৰ অশান্তিৰ বিষয়ে উল্লেখ কৰিছে ৷তেওঁ ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তা বজাই ৰখাৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়। ম্যানমাৰে কোনো ব্যৱস্থা নল’লে মণিপুৰৰ পৰিস্থিতি অতি বেয়া হ’ব বুলিও মন্তব্য কৰে তেওঁ । আজিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে, “ম্যানমাৰৰ পৰা দেশৰ উত্তৰ-পূব অংশলৈ ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহ বৃদ্ধি পাইছে।”