শেহতীয়াকৈ বাংলাদেশত হোৱা ডেংগুৰ প্ৰাদুৰ্ভাৱক বিশ্ব স্বাস্থ্য সংস্থাই ‘বিশ্ব ইতিহাসৰ আটাইতকৈ ভয়াৱহ ডেংগুৰ প্ৰাদুৰ্ভাৱ’ বুলি অভিহিত কৰিছে। বাংলাদেশ চৰকাৰৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থাটোৱে কয় যে যোৱা চাৰি চাৰি মাহত এই দেশত ১ লাখ ৩৫ হাজাৰতকৈ অধিক লোক ডেংগু ৰোগত আক্ৰান্ত হৈছে। ৬৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকাৰ কেইবাটাও অঞ্চলত ডেংগুৰ সংক্ৰমণ আৰম্ভ হৈছিল। আগষ্ট মাহত ইয়াৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক।
কেৱল যোৱা এমাহত এই ৰোগত আক্ৰান্ত হৈ ৩০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। যদিও ঢাকাত সংক্ৰমণৰ হাৰ সামান্য হ্ৰাস পাইছে, তথাপিও বাংলাদেশৰ অন্যান্য চহৰ আৰু গ্ৰাম্য অঞ্চলত ডেংগুৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। এনে পোক-পৰুৱাৰ দ্বাৰা সংক্ৰমিত ৰোগৰ এনে ভয়ানক প্ৰাদুৰ্ভাৱক বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত “আগতীয়া জলবায়ু সংকটৰ আগজাননী” বুলি উল্লেখ কৰা হৈছে। সংস্থাটোৱে কয় যে তেওঁলোকৰ বিশেষজ্ঞসকলে বাংলাদেশ চৰকাৰৰ স্বাস্থ্য বিভাগৰ সৈতে সমন্বয়ত কাম কৰি আছে। যোৱা বছৰ বাংলাদেশত ডেংগুৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পিছতো এইবাৰ আৰম্ভণিৰে পৰা চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ বহুত বেছি আছিল।