ডেনমার্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডাৰিকচেনৰ সৈতে আজি এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই বৈঠকত কেইবাটাও খণ্ডত দুয়োখন দেশে একেলগে কাম কৰি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিশেষকৈ কৃষি,স্বাস্থ্য,জল ব্যৱস্থাপনা, বতৰ পৰিৱর্তন আৰু পুণৰ নবীকৰন শক্তি খণ্ডত একেলগে দুয়োখন দেশে কাম কৰি যাবলৈ সণ্মতি প্ৰকাশ কৰিছে৷
এই বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত-ডেনমার্ক সেউজ কৌশল অংশীদাৰিত্বৰ অধীনত হোৱা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ আলোচনা কৰা হয়৷ লগতে নতুন নতুন ক্ষেত্ৰত কাম কৰিবলৈ্য়ো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
প্ৰযুক্তি, বতৰ পৰিৱর্তন আৰু দক্ষতা বিকাশ সন্দর্ভত দুয়োখন দেশৰ মাজত আজি ৪ খন নতুন চুক্তি সম্পন্ন কৰা হয়৷ এই প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এবছৰ পূর্বে ভার্চুৱেল মাধ্যমৰ জৰিয়তে দেশ দুখনে এই অংশীদাৰীত্ব স্থাপন কৰিছিল৷ আজি এই সহযোগিতাই আন এক নতুন গতি লাভ কৰিলে৷ বৈঠকখন যথেষ্ট ইতিবাচক আছিল বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে৷