দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত আজি অনুষ্ঠিত হয় দীক্ষান্ত সমাৰোহ। ১৮১৭ গৰাকী আৰক্ষীৰ জোৱানে আজি একাডেমীত আনুষ্ঠানিকভাৱে ১১ মহীয়া প্ৰশিক্ষণ সম্পূর্ণ কৰি তুলিছে ৷ দীক্ষান্ত সমাৰোহত আজি উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং উপস্থিত থাকে ৷ এই অনু্ষ্ঠানতে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ইপিনে অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অহা এপ্ৰিলৰ ভিতৰত অসম সচিবালয় আৰু ৰাজভৱন, উপায়ুক্ত কার্যালয় আদিৰ দৰে গুৰুত্বপূর্ণ কার্জালয়সমূহৰ পৰা চিআৰপিএফ প্ৰত্যাহাৰ কৰি নিৰাপত্তাৰ দায়িত্বত অসম আৰক্ষীৰ জোৱান নিয়োগ কৰা হ’ব ৷ যাতে অসম আৰক্ষীয়ে অসমৰ আইন শৃংখলাৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে ৷
আজি দীক্ষান্ত সমাৰোহত যোগদান কৰা জোৱানক দুটা কথা কর্তব্য পালন কৰাৰ সময়ত মনত ৰাখিবলৈ পৰামর্শ দি তেওঁ লগতে কয় –“ সকলোৱে মনত ৰাখিব লাগিব যে তেওঁলোক কেনেধৰণৰ পৰিয়ালত দাঙৰ দীঘল হৈছে ৷ বহু কষ্টৰ মাজেৰে পিতৃ-মাতৃয়ে এই পর্যায়লৈ আমাক লৈ আহিছে ৷ গতিকে প্ৰত্যেক গৰাকী জোৱানে পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব লাগিব ৷ তদুপৰি দুখীয়া মানুহক লক্ষ্য কৰি লাঠী উঠোৱাৰ আগতে তিনিবাৰ ভাবিব লাগিব ৷ আমি এটা কথা মনত ৰাখিব লাগিব দৰিদ্ৰজনৰ ৰক্ষাকর্তা আমি ৷ তিনিবাৰ চিন্তা কৰিব লাগিব যে মই ভুল কৰিলেও তেওঁ এছপি অথবা আইনৰ কাষ চাপিব নোৱাৰে ৷ প্ৰতিজন জোৱান দৰিদ্ৰতাৰ ৰক্ষাকর্তা হ’ব লাগিব ,তেতিয়া অসমৰ ভৱিষ্যৎ সুন্দৰ হোৱাত কোনেও বাধা দিব নোৱাৰে ৷ ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে অসম আৰক্ষী আছে ৷ এই কথা প্ৰত্যকটো মুহুর্ততে মনত ৰাখিব লাগিব ৷ “