ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হোৱাৰ দিশে আগবাঢ়িছে ছানিয়া মিৰ্জা নামৰ এগৰাকী যুৱতী ৷ এন ডি এত মহিলাৰ বাবে সংৰক্ষিত ১৯খন আসনৰ ভিতৰত ছানিয়াই দ্বিতীয় স্থান লাভ কৰে। চলিত বৰ্ষৰ এপ্ৰিল মাহত এন ডি এ পৰীক্ষাত অৱতীৰ্ণ হৈ ছানিয়াই ১৪৯ নম্বৰ স্থান লাভ কৰিছিল। কোতৱালি থানাৰ অন্তৰ্গত যশোৱৰ গাঁৱৰ বাসিন্দা ছানিয়া দেহাত। কিন্তু বৰ্তমান তেওঁ মিৰ্জাপুৰৰ বাসিন্দা ৷ তেওঁৰ পিতৃ শ্বাহিদ আলী পেছাত টিভি মেকানিক। গাঁৱৰ বিদ্যালয়ৰ পৰা দশম মান পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষাৰ বাবে মিৰ্জাপুৰলৈ যায়। তাতে প্ৰশিক্ষণ আৰম্ভ কৰে ৷
সৰুৰে পৰা পঢ়া-শুনাত অত্যন্ত মেধাবী ছানিয়াৰ উৰণৰ প্ৰতি আছিল প্ৰৱল দুর্বলতা । অৱশ্যে ভাৰতৰ প্ৰথম যুঁজাৰু বিমান পাইলট ফ্লাইট লেফটেনেণ্ট অভনী চতুৰ্বেদীৰ দ্বাৰা অণুপ্ৰাণিত হৈ যুদ্ধ বিমান পাইলট হোৱাৰ সপোন দেখিছিল ৷
অহা ২৭ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এন ডি এ একাডেমীত যোগদান কৰিব ছানিয়াই। যদি সকলো ঠিকে থাকে তেন্তে ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু পাইলট হ’ব ছানিয়া ।