VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰঙিয়াত দিনজোৰা কাৰ্যসূচীৰে দেশভক্তি দিৱস উদযাপন

"নতুন প্ৰজন্মৰ মননত দেশাত্মবোধৰ ভাবনা জগাই তোলাৰ বাবে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অতীৱ প্ৰয়োজনীয়তা আছে" : অধ্যাপক পবিন কলিতা

ৰঙিয়াৰ পৰা বিপুল কলিতা by ৰঙিয়াৰ পৰা বিপুল কলিতা
July 28, 2022
in মুখ্য সংবাদ
ৰঙিয়াত দিনজোৰা কাৰ্যসূচীৰে দেশভক্তি দিৱস উদযাপন
0
SHARES
61
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ অন্যান্য জিলা আৰু মহকুমা সদৰৰ লগতে ৰঙিয়াতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশভক্তি দিৱসৰ আয়োজন কৰা হয়। মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ সহযোগত বিদ্যালয়ৰ সভাঘৰত আয়োজিত এই দিৱসত দেশভক্ত তৰুণৰাম ফুকনক তেওঁৰ পৱিত্ৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। পুৱা ৬ বজাত জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্রযোগে ৰঙিয়া চহৰত দেশপ্রেমমূলক গীত পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পুৱা ৯ বজাত বিদ্যালয় চৌহদত বকুল আৰু কৰদৈ গছৰ দুটি পুলি ৰোপণ কৰে প্ৰধান শিক্ষক দুলাল শৰ্মাই। পুৱা ১১ বজাৰ পৰা ৰঙিয়া কুইজিং চার্কিটৰ পৰিচালনাত অনুষ্ঠিত হয় এখনি মুকলি কুইজ প্রতিযোগিতা।

“দেশৰ মুক্তি সংগ্ৰাম আৰু অসম” শীৰ্ষক বিষয়বস্তুৰ এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে প্ৰপালিকা কলিতাই। ৰিঞ্জুল আলী আৰু প্ৰীতম দাসে যুটীয়াভাৱে দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে তৃতীয় পুৰস্কাৰ আগবঢ়োৱা হয় সাতগৰাকী অংশগ্ৰহণকাৰীলৈ। দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা মূল সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে। অনুষ্ঠানত পূব কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক পবিন কলিতাই “স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু অসম” শীৰ্ষক বিষয়ত এক তত্বগধুৰ ভাষণ প্ৰদান কৰে।

নতুন প্ৰজন্মৰ মননত দেশাত্মবোধৰ ভাবনা জগাই তোলাৰ বাবে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশিষ্ট স্বাধীনতা সংগ্ৰামীগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ এক বিস্তৃত অৱলোকন দাঙি ধৰে। স্বাধীনতাৰ ৭৫ টা বছৰৰ এই পৱিত্ৰ মুহূৰ্ত্তত দেশভক্ত তৰুণৰাম ফুকনে দেখুৱাই যোৱা মহৎ আদৰ্শৰে দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। অনুষ্ঠানত মহকুমাধিপতিগৰাকীৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা ৰঙিয়া পৌৰসভাৰ উপ-পৌৰপতি বিদ্যুৎ ডেকা তথা সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক দুলাল শৰ্মায়ো দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিচাৰণ কৰি বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত আৰু এটি দেশপ্ৰেমমূলক নৃত্য পৰিবেশন কৰাৰ লগতে জনসংযোগ বিভাগৰ জ্যেষ্ঠ সহায়ক পৱিত্ৰ মেধিয়েও এটি দেশপ্ৰেমমূলক গীত পৰিবেশন কৰে। দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদানেৰে আৰম্ভ হোৱা সভাত দেশভক্তৰ এক দৃশ্য-শ্ৰাব্য জীৱনালেখ্য প্ৰদৰ্শনৰ লগতে “আৱৰণ” আৰু “প্লীডজ” নামৰ দুখন দেশপ্ৰেমমূলক ছুটিছবিও প্ৰদৰ্শন কৰা হয়। ৰঙিয়াৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই আঁত ধৰা আজিৰ অনুষ্ঠানত ৰঙিয়াৰ নিৰ্বাচনী বিষয়া নীল হড়িৎ কৌশিক, চক্ৰ বিষয়া (সং) অনন্যা চৌধুৰীও উপস্থিত থাকে প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত বঁটাসমূহো বিতৰণ কৰে।

বিদ্যালয়খনৰ বিশিষ্ট শিক্ষক, কুইজ পৰিচালক মোস্তাফা কামাল আৰু বিশিষ্ট ক্ৰীড়া সংগঠক পহৰেদ আলী আহমেদে বিশেষভাৱে সহযোগিতা আগবঢ়োৱা এই অনুষ্ঠানত সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল, জনসংযোগ বিভাগৰ কৰ্মচাৰীসকল তথা ৰঙিয়াৰ বহুকেইগৰাকী সংবাদকৰ্মী উপস্থিত থাকে।সন্ধ্যা পুনৰবাৰ জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্রযোগে দেশপ্রেমমূলক গীত পৰিৱেশনেৰে আজিৰ এই দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে।

Previous Post

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ মৰ্ফিন, অবৈধ চিগাৰেট

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7