VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাৰাম্বাৰ অনুৰোধৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই চুমীৰ শিক্ষার্থীক, নিৰাপত্তা পৰিষদৰ বৈঠকত ক’লে ভাৰতে

voicedesk by voicedesk
March 8, 2022
in মুখ্য সংবাদ
বাৰাম্বাৰ অনুৰোধৰ পাছতো  উদ্ধাৰ কৰিব পৰা নাই চুমীৰ শিক্ষার্থীক, নিৰাপত্তা পৰিষদৰ বৈঠকত ক’লে ভাৰতে
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে মত বিনিময় কৰি ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষার্থীসকলক উদ্ধাৰৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা কামনা কৰিছিল ৷ ইয়াৰ পাছতে চাৰিখন চহৰত যুদ্ধ বিৰতি ঘোষণা কৰাৰ লগতে মানৱ ক’ৰিডৰ গঢ়ি তোলা হ’ব বুলি ৰাছিয়াই প্ৰকাশ কৰিছিল ৷ কিন্তু ৰাছিয়াৰ চর্ত ইউক্ৰেইনে মানি নোলোৱাৰ বাবে আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত ব্যর্থ হয় ৷ আজি এই কথা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বৈঠকতো উল্লেখ কৰিছে ভাৰতে ৷

ইউক্ৰেইন-ৰাছিয়া যুদ্ধক লৈ আহ্বান জনোৱা  এই জৰুৰী বৈঠকত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে কয়- “আমি গভীৰভাৱে চিন্তিত যে দুয়োপক্ষৰ প্ৰতি আমাৰ  বাৰম্বাৰ অনুৰোধ স্বত্বেও চুমিত আৱদ্ধ হৈ থকা আমাৰ শিক্ষাৰ্থীসকলৰ বাবে এক সুৰক্ষিত কৰিডৰ সৃ্‌ষ্টি কৰাটো সম্ভৱপৰ হোৱা নাই।”এই প্ৰসংগত তিৰুমূৰ্তিয়ে কয় যে ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশকে সৈমান কৰাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা স্বত্বেও চুমিত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে এক সুৰক্ষিত কৰিডৰ সৃষ্টি কৰিব পৰা নগ’ল।ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ ফলত উদ্ভৱ হোৱা মানৱীয় সংকট  সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক জৰুৰী বৈঠকত ভাষণ দি তিৰুমূৰ্তিয়ে কয় যে ভাৰতে ইউক্ৰেইনৰ পৰা সকলো নিৰীহ নাগৰিকক সুৰক্ষিত ভাৱে  স্থানান্তৰৰ পোষকতা কৰি আহিছে ৷

তেওঁ কয় “আমি ইউক্ৰেইনৰ পৰা ২০,০০০ তকৈও অধিক ভাৰতীয়ক সুৰক্ষিতভাৱে ঘূৰাই অনাত সহায় কৰিবলৈ সক্ষম হৈছো ৷ ভাৰতে আন দেশৰ নাগৰিকসকলক যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰৰ পৰা স্থানান্তৰ কৰাত সহায় কৰিছে। ভাৰতে ইউক্ৰেইন আৰু ইয়াৰ চুবুৰীয়া দেশসমূহলৈ মানৱীয় সামগ্ৰী প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে ঔষধ, তম্বু পানী  টেংক, অন্যান্য সাহায্য সামগ্ৰী। আমি অন্যান্য প্ৰয়োজনীয়তা অনুসৰি আন আন সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ চিন্তা-চর্চা কৰি আছো ৷”তিৰুমূৰ্তিয়ে লগতে কয়  যে ভাৰতে যুদ্ধৰ তাৎক্ষণিক সমাপ্তিৰ বাবে আহ্বান জনাই আহিছে।

 

Previous Post

গৰ্ভাৱস্থাত হোৱা ডায়েবেটিছ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? জানো আহক

Next Post

কাইলৈ ঘোষণা কৰা হ’ব পৌৰসভা নির্বাচনৰ ফলাফল

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাইলৈ ঘোষণা কৰা হ’ব পৌৰসভা নির্বাচনৰ ফলাফল

কাইলৈ ঘোষণা কৰা হ’ব পৌৰসভা নির্বাচনৰ ফলাফল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7