কেৰেলাৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। নাম দেৱানন্দ ৷ যাক লৈ দেশজুৰি চর্চা আৰম্ভ হৈছে ৷ কিয়নো দেশৰ ভিতৰতে তেওঁ সর্বকণিষ্ঠ অংগদাতা ৷ যকৃতৰ কিছু অংশ পিতৃক দান কৰি এতিয়া দেশৰ ভিতৰতে কনিষ্ঠতম অংগদাতা হিচাপে পৰিগণিত হৈছে দেৱানন্দ।
আমাৰ দেশৰ নিয়ম অনুসৰি প্ৰাপ্তবয়স্ক নহ’লে কোনেও অংগদান কৰিব নোৱাৰে। দেৱানন্দৰ বয়স বর্তমান ১৭ বছৰ। আইনমতে পিতৃক অংগদান কৰিবলৈ তেওঁ যোগ্য নহয় যদিও পিতৃক জীয়াই তুলিবলৈ মনটোক অধিক শক্তিশালী কৰি তুলিছিল ৷ যাৰ বাবে পোনে পোনে কেৰালা উচ্চ ন্যায়ালয়লৈ গৈ তেওঁ অনুমতি বিচাৰিলে।
ত্ৰিশুৰত দেৱানন্দৰ ঘৰ। পিতৃ প্ৰতিশৰ বয়স ৪৮। তেওঁ এখন কেফে চলায়। হঠাতে তেওঁৰ যকৃতৰ জটিল ৰোগ ধৰা পৰে ৷ তেওঁৰ বাবে উপযুক্ত অংগদাতা বিচাৰি নোপোৱাত পৰিয়ালটোৱে হাহাকাৰ কৰিবলগীয়া হয় ৷ সেই সময়তে দেৱানন্দই সিদ্ধান্ত ল’লে যে তেওঁ পিতৃক বচাবলৈ নিজৰ অংগদান কৰিব ৷ কিন্তু অংগ প্ৰতিস্থাপন আইন ১৯৯৪ অনুসৰি কোনো নাবালকেই অংগ দান কৰিব নোৱাৰে। দেৱানন্দই কষ্টৰে সকলো সম্ভাৱনা অন্বেষণ কৰি দেখিলে যে বিগত সময়ত এটা বিশেষ গোচৰত কেৰালা উচ্চ ন্যায়ালয়ে এজন ল’ৰাৰ বাবে অংগদানৰ অনুমতি দিছিল। সেই নজিৰৰ সহায়ত দেৱানন্দ আদালতৰ দ্বাৰস্থ হ’ল ৷ আদালতে তেওঁৰ একাগ্ৰতা দেখি অংগদান কৰিবলৈ অনুমোদন দিয়ে ।
ইতিমধ্যে অংগদানৰ প্ৰস্তুতি আৰম্ভ হৈছে। ডায়েটিং, ব্যায়াম, যকৃতক সৰ্বোত্তম অৱস্থাত ৰাখি দেৱানন্দই নিজৰ শৰীৰটো ফিট কৰি তুলিছে । যোৱা ৯ ফেব্ৰুৱাৰীত আলুভাৰৰ এখন চিকিৎসালয়ত দেৱানন্দৰ অস্ত্ৰোপচাৰ কৰা হয়। কিশোৰী গৰাকীৰ সাহসৰ প্ৰতি সন্মান জনাই চিকিৎসালয়খনে কোনো মাচুল লোৱা নাছিল। এসপ্তাহৰ অন্তত দেৱানন্দক তিনিদিন পূৰ্বে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। তেওঁ কয় যে তেওঁ এতিয়া, “আশ্বস্ত, গৌৰৱান্বিত, সুখী।”