সংগঠন বিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত লাচিত হাজৰিকা আৰু নয়নমণি চেতিয়া নামৰ দুই কেডাৰক মৃত্যদণ্ডৰে দণ্ডিত কৰিছে আলফা(স্বাধীন)-এ ৷ ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে মৃতদেহ ঘুৰাই দিবলৈ আহ্বান জনাইছিল ৷ আজি পুনৰ আলফা(স্বাধীন) লৈ একেই আহ্বান জনাইছে জি পি সিঙে ৷ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কয় –“আমি যিকোনো চৰকাৰৰ সৈতে সমন্বয় কৰি আমাৰ মানুহৰ মৃতদেহ ঘূৰাই আনিম। অনুগ্ৰহ কৰি আমাক জনাওক আপুনি মৃতদেহ ক’ত এৰি থৈ গৈছে। শোকত ভাগি পৰা পৰিয়ালবোৰে আপোনাৰ পৰা এইখিনি পোৱাৰ যোগ্য”
ইপিনে কালি এই ঘটনা পোহৰলৈ অহাৰ পাছতে জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল –“জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে – অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ – যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ॥“
আন এক পোষ্টত তেওঁ লিখিছিল অনুগ্ৰহ কৰি মৃতদেহবোৰ জংঘলৰ পৰা ঘূৰাই পঠাওক। পৰিয়ালক অন্তিম শ্ৰদ্ধা জনোৱাৰ সুযোগ হওক।