গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ মালিগাঁৱৰ চানভি ৱেলনেছ চেণ্টাৰত মিত্ৰ টাইড নামৰ ২৫ বছৰীয়া যুৱকজনৰ মৃত্যু হৈছে ৷ বিগত ৫ মাহ ধৰি নিচামুক্তি কেন্দ্ৰটোত আছিল যুৱকজন ৷ মিত্ৰ টাইডৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে ৷ নিচাসক্ত হোৱাৰ বাবে তেওঁক নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল পৰিয়ালে ৷ আজি নিচামুক্তি কেন্দ্ৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ কি কাৰণত যুৱকজনৰ মৃত্যু হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷
উল্লেখ্য যে মহানগৰীৰ নিচামুক্তি কেন্দ্ৰসমূহত এনেধৰণৰ অঘটন প্ৰায়ে সংঘটিত হৈ আহিছে ৷ অস্বাস্থ্যকৰ পৰিৱেশত চিকিৎসাৰ বাবে অহা লোকসকলক ৰখাৰ লগতে সঠিক ধৰণে খাদ্য যোগান নধৰাৰ অভিযোগ দীর্ঘদিনীয়া ৷ যাৰ ফলত নিচামুক্তি কেন্দ্ৰত চিকিৎসাৰ বাবে অহা কেইবাজনো লোকৰ মৃত্যু ঘটাও পৰিলক্ষিত হৈছে ৷ পুনৰ আজি নিভামুক্তি কেন্দ্ৰটোত যুৱকজনৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷