ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নির্বাচনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই ৷ বিশেষকৈ একাংশ আছু কর্মীক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ ছাত্ৰ সংগঠনটোৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিভিন্ন প্ৰতিবাদী কার্যসূচীৰ লগতে ২৬ ডিচেম্বৰত ডিব্ৰুগড় জিলা বন্ধৰ আহ্বান জনাইছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ ইয়াৰ পাছতে তেওঁলৈ আইনী জাননী প্ৰেৰণ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ ফৌজদাৰী বিধিৰ ১৫২ ধাৰাৰ অধীনত যোৱা ২৫ ডিচেম্বৰত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে প্ৰেৰণ কৰা এই জাননীৰ জৰিয়তে বন্ধ প্ৰত্যাহাৰ কৰিবলৈ নির্দেশ দিছিল ৷
কেইবাটাও পৰীক্ষাৰ লগতে বন্ধৰ ফলত ব্যাপক ক্ষয় ক্ষতিৰ আশংকা কৰি আৰক্ষী অধীক্ষক(এছ পি)-এ এই নির্দেশ প্ৰদান কৰিছিল ৷ তদুপৰি বন্ধৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি, ৰাজহুৱা সা-সম্পত্তিৰ ধ্বংস আদিৰ ঘটনা সংঘটিত হ’লে বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে ক্ষতিৰ পৰিমান আছুৰ পৰা আদায় কৰা হ’ব বুলিও সকীয়াই দিছিল আৰক্ষী প্ৰশাসনে ৷ এই জাননীত উচ্চতম ন্যায়ালয়, কেৰেলা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য অথবা আংশিক বন্ধক বেআইনী ঘোষণা কৰাৰ কথাও উল্লেখ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে কালি ডিব্ৰুগড় বন্ধৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ বাতৰি লাভ কৰা হোৱা নাই ৷