গণেশ চতুৰ্থী উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে বিঘ্ন বিনাশক দেৱতা শ্ৰী গণেশৰ পূজন ৷ এই উৎসৱ মুখৰ পৰিবেশৰ মাজতে হীৰা নগৰ ৰূপে খ্যাত ভাৰতৰ চুৰাট চহৰত এটা পৰিয়ালে হীৰাৰ গণেশ মূৰ্তি স্থাপন কৰাৰ খবৰ পোহৰলৈ অহাত দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে ১৬বছৰৰ পূৰ্বে চুৰাটৰ কাৰ্টাগাম অঞ্চলৰ পাণ্ডৱ পৰিয়ালে ২৭কেৰেট ওজনৰ এটা হীৰাৰ টুকুৰা উদ্ধাৰ কৰিছিল ৷ গণেশৰ আকাৰৰ সেই উজ্জ্বল হীৰাৰ টুকুৰাটো তেওঁলোকে নিজৰ ঘৰত ৰখাৰ লগতে গণেশ চতুৰ্থীৰ দিনা এই মূৰ্তি প্ৰতিষ্ঠা কৰিছিল ৷ তেওঁলোকে জনোৱা মতে এই গণেশৰ আকৃতিৰ হীৰা টুকুৰাৰ বজাৰ মূল্য ৫০০কোটি টকা ৷
এই পৰিয়ালটোৱে হীৰাৰ ব্যৱসায় কৰি থকা সময়ত হীৰাৰ টুকুৰাটো উদ্ধাৰ কৰিছিল যদিও ধৰ্মত বিশ্বাস ৰখা পৰিয়ালটোৱে ২৭কেৰেটৰ এই হীৰাৰ গণেশক নিজৰ ঘৰতে ৰাখে ৷ আনহাতে উজ্জ্বল তথা জলন্ত গণপতিৰ দৰে দেখাপোৱা এই গণেশৰ মূৰ্তিক প্ৰতিবছৰে গণেশ চতুৰ্থীৰ দিনা স্থাপন কৰি পূজা কৰে এই পৰিয়ালটোৱে ৷
অৱশ্যে এই হীৰা সন্দৰ্ভত এক অনুসন্ধান কৰোৱাৰ পিছতহে এই টুকুৰা প্ৰকৃত হীৰা বুলি নিশ্চিত হৈছিল পৰিয়ালটো ৷ ডাইমণ্ডছ অফ ইণ্ডিয়াৰ দ্বাৰা কৰোৱা এই অনুসন্ধানত ই এটুকুৰা প্ৰাকৃতিক হীৰা হিচাপে প্ৰমাণিত হয় ৷ আনহাতে তেওঁলোকৰ ওচৰত ইয়াৰ এখন প্ৰমাণ পত্ৰও আছে বুলি জানিবলৈ দিছে পৰিয়ালটোৰ সদস্যসকলে ৷
উল্লেখযোগ্য যে গণেশ চতুৰ্থীৰ দিনটোত গণেশৰ আকৃতিৰ এই উজ্জ্বল হীৰাটুকুৰাক স্থাপন কৰি দহ দিনৰ পিছত গাখীৰেৰে ধুই পুনৰ সংৰক্ষণ কৰি ৰাখে চুৰাটৰ পাণ্ডৱ পৰিয়ালৰ সদস্যসকলে ৷