কালি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি এলানি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। অসমৰ বিমান পৰিবহন ব্যৱস্থাক উন্নীতকৰণৰ উদ্দেশ্যে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
আলোচনাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উড়ান আঁচনিৰ জৰিয়তে অসমৰ পৰা বিদেশলৈ বিমান পৰিবহনৰ দ্বাৰা পোনপতীয়া যোগাযোগ স্থাপনৰ প্ৰস্তাব আগবঢ়ায়।
গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু শিলচৰ বিমান বন্দৰক উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰিও হাংলঙত এটা হেলিপৰ্ট আৰু কাৰ্বি আংলঙত এটা গ্ৰিণফিল্ড এয়াৰপৰ্ট গঠনৰ সিদ্ধান্ত লয়।
মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মন্ত্ৰীত্ব পদ গ্ৰহণ কৰাৰে পৰা উত্তৰ পূব ভাৰতৰ বিমান পৰিবহন ব্যৱস্থা উন্নীতকৰণক এক অভিযান হিচাপে গ্ৰহণ কৰিছে। বিদেশৰ সৈতে অসমৰ পোনপতীয়া সংযোগ স্থাপনে পৰিবহন ব্যৱস্থাক এক অন্য মাত্ৰা প্ৰদান কৰিব।