ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনলৈ ‘ডিস্কো’ সংগীতৰ ধাৰা সংযোজনেৰে এক সুকীয় মাত্ৰা প্ৰদান কৰা বিশিষ্ট শিল্পী, সংগীতকাৰ বাপ্পী লাহিড়ীৰ যোৱা নিশা দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ ৷ মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। শাৰিৰীক অসুস্থতাৰ বাবে তেওঁ বিগত এমাহ ধৰি চিকিৎসালয়ত ভর্ত্তি হৈ আছিল ৷ একাধিক স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভর্ত্তি হৈ আছিল। এমাহৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পাছত সোমবাৰে তেওঁক ঘৰলৈ আনিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটাত চিকিৎসকৰ পৰামর্শ অনুসৰি পুনৰ চিকিৎসালয়খনত ভর্ত্তি কৰোৱা হয় । কিন্তু মাজনিশা তেওঁৰ বিয়োগ ঘটে ৷ তেওঁৰ পুত্ৰ বাপ্পা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতত উপস্থিত হোৱাৰ পিছত বৃহস্পতিবাৰে পৱন হংস শ্মশানত বাপ্পী লাহিড়ীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷
ইপিনে, বিশিষ্ট সংগীতজ্ঞ গৰাকীৰ বিয়োগত শোকত ম্ৰিয়মান হৈ পৰিছে অনুৰাগী সকল ৷ বলিউডৰ তাৰকাসকলেও তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৷ অভিনেতা অক্ষয় কুমাৰে টুইট যোগে কয় – “আজি আমি সংগীত জগতৰ আন এটা ৰত্ন হেৰুৱালো। বাপ্পী দা, আপোনাৰ কণ্ঠস্বৰে মোৰ লগতে লাখ লাখ লোকক নাচিবলৈ অনুপ্ৰাণিত কৰিছিল ৷ আপুনি আপোনাৰ সংগীতৰ জৰিয়তে প্ৰদান কৰা সুখানুভুতিৰ বাবে আপোনাক কৃতজ্ঞতা জনাইছো ।” অজয় দেৱগানে টুইট যোগে কয় “বাপ্পী দা ব্যক্তি হিচাপে অত্যন্ত মৰমলীয়াল আছিল। তেওঁৰ সংগীতৰ এটা সুকীয়া ধাৰা আছিল।“
Today we lost another gem from the music industry… Bappi Da,your voice was the reason for millions to dance, including me. Thank you for all the happiness you brought through your music. My heartfelt condolences to the family. Om Shanti 🙏🏻
— Akshay Kumar (@akshaykumar) February 16, 2022
ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম বাপ্পী লাহিড়ীয়ে ৮০ আৰু ৯০ ৰ দশকৰ বলীউডত ডিস্কো সংগীতৰ পথপ্ৰদৰ্শক হিচাপে সুখ্যাতি লাভ কৰিছিল ৷ ডিস্কো ডান্সাৰ, ডান্স ডান্স, চলতে চলতে আৰু নমক হালালৰ দৰে চলচ্চিত্ৰৰ চুপাৰহিট সংগীতৰ স্ৰষ্টা আছিল বাপ্পী লাহিড়ী ৷ বাংলা চলচ্চিত্ৰ জগততো তেওঁৰ অনন্য সৃষ্টিৰাজিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল ৷ তদুপৰি ডিস্কো ডান্সাৰৰ কোই য়াহা নাচে নাচে আৰু চাহেবৰ প্যাৰ বিনা চেইন কাহা তেওঁৰ সর্বাধিক জনপ্ৰিয় গীতসমূহৰ অন্যতম। ডিঙিত পিন্ধা সোণৰ চেইন আৰু ছানগ্লাছৰ সৈতে তেওঁৰ অছিল এক সুকীয়া পৰিচয় ৷
উল্লেখ্য যে বাপ্পী লাহিড়ীৰ প্ৰকৃত নাম হৈছে অলকেশ ৷ ২০১৪ চনত তেওঁ বিজেপিত যোগদান কৰিছিল। তেওঁ সেই বছৰ লোকসভা নিৰ্বাচনত তৃণমূলৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিল।২০২০ চনত মুক্তি লাভ কৰা বাগী ৩ চলচ্চিত্ৰৰ বাবে ভাংকাচ শীর্ষক গীতটোৱেই তেওঁৰ অন্তিম গীত ৷ ।