দক্ষিণ কোৰিয়াত বিবাহৰ প্ৰতি আগ্ৰহ হ্ৰাস পাইছে। যোৱা বছৰ ই এক অভিলেখ গঢ়িছিল। তাৰ লগতে জন্মৰ হাৰো কমি আহিছে। এয়াও এক অভিলেখ। যাৰ বাবে দক্ষিণ কোৰিয়াত যুৱক-যুৱতীৰ সংখ্যা কম, বৃদ্ধ নাগৰিকৰ সংখ্যা বৃদ্ধি হৈছে ৷
পৰিসংখ্যা অনুসৰি দক্ষিণ কোৰিয়াত যোৱা বছৰ ১ লাখ ৯২ হাজাৰ লোকে বিবাহপাশত আবদ্ধ হৈছিল। ১০ বছৰ আগতে ২০১২ চনত বিবাহৰ সংখ্যা আছিল ৩ লাখ ২৭ হাজাৰ। অৰ্থাৎ বিবাহৰ হাৰ প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে, ১৯৭০ চনৰ পিছত প্ৰথমবাৰৰ বাবে ইমান কমসংখ্যক বিবাহ দেশখনত সম্পন্ন হৈছে । তেওঁলোকৰ মতে সমাজত বিয়া হোৱাৰ প্ৰৱণতা কমিছে। ল’ৰাৰ বিবাহৰ সময়ত গড় বয়স ৩৩.৭ বছৰ। ছোৱালীৰ বিবাহৰ সময়ত গড় বয়স ৩১.৩ বছৰ। এয়াও এক অভিলেখ। ল’ৰাৰ বিবাহৰ গড় বয়স ১.৬ বছৰ বৃদ্ধি পাইছে । ছোৱালীৰ ক্ষেত্ৰত ১.৯ বছৰ বৃদ্ধি পাইছে । যোৱা বছৰ বিবাহপাশত আবদ্ধ হোৱাসকলৰ ৮০ শতাংশই প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল।
এই দেশত জন্মৰ হাৰো অস্বাভাৱিকভাৱে কম। যোৱা বছৰত সৰ্বনিম্ন সংখ্যক কেঁচুৱা জন্ম হৈছিল। মাত্ৰ ২ লাখ ৪৯ হাজাৰ কেচুৱা দেশখনত জন্ম হৈছিল । ২০০৬ চনৰ পৰা চৰকাৰে দেশত জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ বাসিন্দাসকলক উৎসাহিত কৰি আহিছে। এই খণ্ডত তেওঁলোকে কমেও ২১ হাজাৰ ৩ বিলিয়ন ডলাৰ ব্যয় কৰিছে। কিন্তু কোনো লাভ নহ’ল। দেশৰ জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ২০৬৭ চনত জনসংখ্যা ৫ কোটি ২০ লাখৰ পৰা ৩ কোটি ৯০ লাখলৈ হ্ৰাস পাব। দেশবাসীৰ গড় বয়স ৬২ বছৰ হ’ব।
কিন্তু কিয় এনেদৰে জনসংখ্যা কমিছে? এই সন্দৰ্ভত মতানৈক্যৰ সৃষ্টি হৈছে। বহুতৰ মতে শিশু লালন-পালনৰ খৰচ বাঢ়িছে। বহুতে কয় যে সমাজত প্ৰতিযোগিতা বাঢ়িছে। ভাল চাকৰি এটা পোৱাটো বৰ কষ্টকৰ। ভাল চাকৰি এটা পালেও তাত কোনো নিৰাপত্তা নাই। আনহাতে আকাশলংঘী হৈছে সামগ্ৰীৰ দাম। গতিকে বহুতে সন্তান জন্ম দিব নিবিচাৰে।