কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে জিলাখনৰ কমলপুৰ আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনত থকা বিভিন্ন সা-সুবিধাৰ বুজ লোৱাৰ উপৰি চিকিৎসালয়খনে জনসাধাৰণলৈ প্ৰদান কৰি থকা সেৱাৰো বুজ লয়। পৰিদৰ্শন কালত উপায়ুক্তগৰাকীয়ে সাধাৰণ প্ৰসৱ কক্ষৰ উপৰি চিজৰিয়ান প্ৰসৱ কক্ষৰ সা-সুবিধাৰ বুজ লয়। তেওঁ লগতে চিকিৎসালয়খনত থকা পৰিপুষ্টি সংস্থাপন কেন্দ্ৰই (Nutrition Rehabilitation Centre) প্ৰদান কৰি থকা সেৱাৰো বুজ লয়। পৰিদৰ্শনৰ পিছত উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনত প্ৰয়োজনীয় চিকিৎসককে ধৰি স্বাস্থ্য কৰ্মী উপলব্ধ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠানিক প্ৰসৱৰ সংখ্যা বৃদ্ধি কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰৰ সেৱা আৰু অধিক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে শিশুৰ মাজত থকা পুষ্টিহীনতাৰ সমস্যা নিৰাময় কৰিব পৰা যায়। চিকিৎসালয়খন পৰিদৰ্শনৰ সময়ত চিকিৎসালয় চৌহদত উপস্থিত থকা সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, কমলপুৰ আদৰ্শ চিকিৎসালয়ত সাধাৰণ প্ৰসৱ, চিজৰিয়ান প্ৰসৱ, ৰঞ্জন ৰশ্মি ( X-ray), দন্ত্য চিকিৎসা, ফিজিঅ’থেৰাপি, ৰোগ নিৰ্ণায়ক বিনামূলীয়া পৰীক্ষাগাৰ আদি বিভিন্ন সুবিধা আছে। বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে এই সুবিধা সমূহ গ্ৰহণ কৰি লাভান্বিত হোৱাৰ বাবে তেওঁ আহ্বান জনায়। তেওঁ লগতে জনায় যে, হাস্পতালখনৰ কৰ্মৰাজি তথা সেৱাৰ অগ্ৰগতি ১৫ দিনৰ পিছত পুনৰ পৰ্যালোচনা কৰা হ’ব। সেয়েহে চিকিৎসালয়খনৰ সংশ্লিষ্ট সকলোকে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে তেওঁ আহ্বান জনায় যাতে চিকিৎসালয়খনলৈ অহা প্ৰতিগৰাকী ৰোগীয়ে ভাল সেৱা লাভ কৰাটো নিশ্চিত কৰিব পৰা যায়।