গুৱাহাটী, ২৯ ছেপ্টেম্বৰঃ ৰাজ্যত ক্ৰীড়াৰ এক পৰিবেশ সৃষ্টি আৰু ক্ৰীড়া প্ৰতিভাৰ সন্ধানৰ উদ্দেশ্যৰে অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণ, ২০২৩ ত উৎসাহেৰে যোগদান কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ ৰাইজক আহ্বান জনাইছে জিলা আয়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই৷ আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তগৰাকীৰ সভাপতিত্বত খেল মহাৰণৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকৰ মাজতে জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই ১৯ বছৰ উৰ্দ্ধৰ শাখাত ভলীবল খেলৰ বাবে নিজৰ নাম নিৰ্দিষ্ট প’ৰ্টেলত পঞ্জীয়ন কৰে৷ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিছে৷ তেওঁলোকে খেলাৰ প্ৰতি আগ্ৰহী যিকোনো বয়সৰ লোককে নাম পঞ্জীয়ন কৰি ৰাজ্য চৰকাৰৰ মহৎ উদ্দেশ্যত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ বিশেষকৈ খেলাৰ প্ৰতি আগ্ৰহী নৱ প্ৰজন্মক এই সোণালী সুযোগ গ্ৰহণ কৰিবলৈ তেওঁলোকে বিশেষভাৱে আহ্বান জনায়৷
উল্লেখ্য যে, অহা ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতা খনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছে৷ খেল মহাৰণত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী যিকোনো লোকে গুগল প্লে’ ষ্ট’ৰৰ পৰা ‘Khel Maharan’ শীৰ্ষক এপটো ডাউনল’ড কৰি বা নিৰ্দিষ্ট প’ৰ্টেল www.dsywassam.com/khel ত অহা ১৫ অক্টোবৰৰ ভিতৰত নাম পঞ্জীয়ন কৰিব পাৰিব৷ খেল মহাৰণত মুঠ পাঁচ ধৰণৰ খেল অনুষ্ঠিত হ’ব- এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, ভলীবল, কাবাদী আৰু খো খো৷ খেলসমূহ ১৯ বছৰ অনুৰ্দ্ধ (পুৰুষ), ১৯ বছৰ অনুৰ্দ্ধ (মহিলা), ১৯ বছৰ উৰ্দ্ধৰ (পুৰুষ) আৰু ১৯ বছৰ উৰ্দ্ধৰ (মহিলা) এই চাৰিটা শাখাত অনুষ্ঠিত হ’ব৷ খেল সমূহ প্ৰথমতে গাঁও পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্ৰত ৱাৰ্ড পৰ্যায়ত অনুষ্ঠিত হ’ব৷ পৰ্যায়ক্ৰমে বিধান সভা সমষ্টি ভিত্তিত, জিলা ভিত্তিত আৰু শেষত ৰাজ্যিক ভিত্তিত খেলসমূহ অনুষ্ঠিত হ’ব৷ কামৰূপ মহানগৰ জিলাত খেল আয়োজনৰ বাবে ১২১ খন খেলপথাৰ চিনাক্ত কৰা বুলি খেল বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাই সদৰি কৰে৷