অসমৰ ডিমা হাচাও জিলাত সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেচন আৰ্মী বা চমুকৈ ডি এন এল এয়ে ৬ মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছে বুলি দলটোৱে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে।
এই সময়ছোৱাত তেওঁলোকৰ সকলো কাৰ্যকলাপ যেনে, অস্ত্ৰ-শস্ত্ৰৰ সৈতে চলাচল কৰা, ধন দাবী বা দাবীৰ ধন প্ৰাপ্ত কৰাতো নিষেধাজ্ঞা অব্যাহত থাকিব।
সংগঠনটোৱে এক বিবৃতিত ইয়াক সদিচ্ছাৰ অঙ্গীকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শান্তিৰ আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি হিচাপে ঘোষণা কৰিছে।
তেওঁলোকে উল্লেখ কৰিছে যে ডি এন এল এয়ে এই বিজ্ঞপ্তিৰ দ্বাৰা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ছয় মাহৰ বাবে ৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছে।
এই সন্দৰ্ভত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে অৰ্থপূৰ্ণ আলোচনাৰ বাবে তেওঁলোকৰ পদক্ষেপৰ প্ৰতিদান দিব বুলি ডি এন এল এ গোটে আশা প্ৰকাশ কৰিছে।