দিনটোৰ অন্ততঃ এসাজত হ’লেও কণী খোৱাৰ অভ্যাস প্ৰায় সকলো লোকৰে আছে ৷ কোনোবাই যদি সিজোৱা কণী খাই ভাল পায় , আন কোনোবাই আকৌ অমলেট খাই ভাল পায় ৷ কিন্তু কণী খোৱাৰ পাছত বাকলিবোৰ কি ক’ৰে আপুনি ? বহুতে পেলাই দিয়ে ৷ কিন্তু কণীৰ বাকলিৰো আছে বহু গুণ ৷ আহকচোন চাওঁ কি কি কামত ব্যৱহাৰ কৰিব পাৰো কণীৰ বাকলি ?
১) চৰাইৰ খাদ্যঃ
সিজোৱা কণীৰ খোলাবোৰ পেলাই নিদিব আৰু বাৰীৰ কোনো এটা চুকত সংৰক্ষণ কৰি ৰাখক ৷ বহু খোলা একেলগে গোট খালে ৰ’দত ভালদৰে শুকুৱাই গুড়ি কৰি লওক। পোহনীয়া চৰাই আৰু উদ্ভিদৰ বাবে কণীৰ খোলা কেলচিয়াম সমৃদ্ধ খাদ্য হ’ব পাৰে।
২) বাতবিষঃ
এটা কাঁচৰ পাত্ৰত আপেল চাইডাৰ ভিনেগাৰ আৰু কণীৰ খোলা একেলগে তিয়াই লওক। দুই তিনিদিন পিছত কণীৰ খোলাবোৰ ভিনেগাৰত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হৈ যাব। এই মিশ্ৰণে ভৰিৰ মোচোকা খালে বা গাঁঠিৰ বিষত তৎক্ষণাত সকাহ দিব পাৰে।
৩) মজিয়া পৰিষ্কাৰ কৰিবলৈ:
পাথৰৰ মজিয়া পলিচ কৰিবলৈ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। বহুতৰ সেই ৰাসায়নিক পদাৰ্থৰ পৰা চাইনাছ, এলাৰ্জিক চৰ্দি আৰু কাহ, বিভিন্ন ছালৰ ফোহা হয়। কণীৰ খোলাটোৱে সেই কামটো অতি ভালদৰে কৰিব পাৰে। মজিয়াত কণীৰ খোলাৰ গুড়ি ছটিয়াই শুকান কাপোৰেৰে মচিলে মজিয়াখন জিলিকি উঠিব।