ৰাতিৰ আহাৰ গ্ৰহণ কৰি টোপনি যোৱাৰ পিছত বহুতৰে গভীৰ ৰাতি আকৌ ভোক লাগে। অনিদ্ৰা বা ৰাতি টোপনি নহাৰ কাৰণেও এনে সমস্যা হ’ব পাৰে। মাজ ৰাতি ভোক লগা সমস্যাটো বহুতে সাধাৰণ কথা হিচাপে ল’লেও চিকিৎসকৰ মতে , এয়া এক শাৰীৰিক সমস্যা। চিকিৎসা বিজ্ঞানত যাৰ নাম ‘ নাইট ইটিং ডিচঅৰ্ডাৰ ‘( এনইডি)। প্ৰায় এশ জনৰ ভিতৰত এজন এই সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। নাইট ইটিং ডিচঅৰ্ডাৰৰ কাৰণে স্থুলতা , ডায়বেটিচ , ৰক্তচাপ আৰু বিভিন্ন দীৰ্ঘস্থায়ী অসুখ হ’ব পাৰে। বেছি ওজন , কম কেলৰি যুক্ত খাদ্য গ্ৰহণ আৰু বংশগত কাৰণত নাইট ইটিং ডিচঅৰ্ডাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।
যান্ত্ৰিক জীৱনত কেৰিয়াৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ কাৰণে বিছনাত উঠাৰ লগে লগে টোপনি অহা মানুহৰ সংখ্যা কমি আহিছে। ৰাতি টোপনি নহাকৈ থকাৰ বাবে ভোক লগাৰ প্ৰৱনতা বেছি হয়। কোনো বিষয় লৈ অত্যাধিক চিন্তা কৰা , মানসিক উদ্বেগ আদিয়ে টোপনি নহাৰ অন্যতম কাৰণ। সেইবাবে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত শুবলৈ লোৱাৰ আগতে মন শান্ত কৰিবৰ বাবে কিছুসময় ধ্যান কৰিব লাগে। ধ্যান কৰাৰ ফলত মন আৰু মগজু দুয়োটাই স্থিৰ হোৱাত সহায় কৰে। ইয়াৰ ফলত ৰাতি টোপনি নহা বা বাৰে বাৰে টোপনি ভাঙি যোৱাৰ সমস্যা কমি যাব পাৰে আৰু ভাল টোপনি হ’লে ৰাতি ভোক লগা সমস্যাও নোহোৱা হৈ যাব।