প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্ধোধন কৰিবলগীয়া উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেক লৈ দেশজুৰি আৰম্ভ হৈছে চৰ্চা। ৩৪১কিলোমিটাৰ দীঘল এই পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ আছে কেইবাটাও বিশেষত্ব। উত্তৰ প্ৰদেশৰ চান্দছৰাই গাওঁৰ পৰা গাজীপুৰক সংযোগ কৰা এই পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ নিৰ্মান ব্যয় হৈছে ২২,৫০০কোটি টকা। পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ এটা অন্যতম বিশেষত্ব হৈছে যে এই পথছোৱাত অৱতৰণ কৰিব পাৰিব ফাইটাৰ জেট বিমানে।
যিকোনো জৰুৰীকালীন পৰিস্থিতিত যুদ্ধ বিমানে অৱতৰণ কৰিব পৰাকৈ নিৰ্মান কৰা হৈছে ৩.২কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰিপ। আজি এই এয়াৰ ষ্ট্ৰিপত চি-১৩০জে চুপাৰ হাৰকিউলাজ বিমানেৰে অৱতৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে দেশবাসীৰ নামত উৎসৰ্গা কৰিব। উদ্বোধনী অনুষ্ঠানৰ সময়তে বায়ু সেনাই প্ৰদৰ্শন কৰিব এয়াৰ শ্ব’।পূৰ্বাঞ্চল এক্সপ্ৰেছৱে মুকলি হোৱাৰ লগে লগে দিল্লীৰ পৰা উত্তৰ প্ৰদেশ আৰু বিহাৰ সীমান্তলৈ আহিবলৈ সময় লাগিব মাত্ৰ দহ ঘণ্টা।ছয় লেনযুক্ত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে আঠ লেনযুক্ত কৰাৰো সুবিধা আছে।
ইয়াৰ জৰিয়তে উত্তৰ প্ৰদেশৰ পূব প্ৰান্তৰ জিলাসমূহত অৰ্থনৈতিক উন্নয়নৰ নতুন দিগন্ত সূচনা কৰিব। আমেঠি, অযোধ্যা, আম্বেদকাৰ নগৰ,আজমগড়,মাউ, ঘাজীপুৰ, লক্ষ্ণৌ আদি অঞ্চলৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়েই এই পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিল। এক্সপ্ৰেছৱেটোত থাকিব ২২খন উৰণীয়া সেতু,সাতখন ৰেলৱে অভাৰ ব্ৰিজ,সাতখন ডাঙৰ দলং,১১৪খন সৰু দলং, ছয়খন টোলগেট,৪৫খন বাহন আণ্ডাৰপাছ,১৩৯খন লঘু বাহন আণ্ডাৰপাছ,৮৭টা পাথচাৰী সকলৰ বাবে আণ্ডাৰপাছ আৰু ৫২৫টা বক্স কালভাৰ্ট।
এক্সপ্ৰেছৱেটোত থাকিব চি এন জি চেণ্টাৰ, ইলেক্ট্রিক চার্জিঙ ষ্টেচন । এশ কিলোমিটাৰ বেগ বাহনৰ বাবে নিৰ্দ্ধাৰণ কৰা হৈছে।সুৰক্ষা আৰু চিকিৎসাজনিত জৰুৰীকালীন সময়ৰ বাবে এক্সপ্ৰেছৱেটোত থাকিব ১৬খন এম্বুলেন্স।