স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে নহৰু নাইবা মধু খুবেই উপকাৰী সকলোৱে জানে। নহৰুত থকা এণ্টিঅক্সিডেণ্ট উপাদানে শৰীৰক সুস্থ ৰখাত নানাভাৱে সহায় কৰাৰ লগতে নহৰুত থকা এলিছিন নামৰ উপাদানে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। নিয়মিত কেঁচা নহৰু খোৱা অভ্যাস কৰিলে শৰীৰ যে সুস্থ থাকিব সেয়া নিশ্চিত। কেঁচা নহৰুৰ লগত মৌ মিহলাই খালে আৰু বেছি উপকাৰ পোৱা যায়।নহৰু আৰু মৌ খালে কি হয় জানো আহকচোন—-
১) ডায়েৰিয়া নাইবা পেটৰ যিকোনো সমস্যাত নহৰু আৰু মৌৰ মিশ্ৰণ খালে উপকাৰ পোৱা যায়। নহৰুত থকা এণ্টি-বেকটেৰিয়াল উপাদানে সকলো ধৰণৰ ইনফেকচন নোহোৱা কৰে। শৰীৰৰ বিভিন্ন অংশৰ ফাঙ্গাল ইনফেকচনৰ পৰা মুক্তি পাবলৈ হ’লে নহৰু আৰু মৌ খোৱা উচিত। নহৰু আৰু মৌৰ মিশ্ৰণ নিয়মিত খালে ধমনীত জমা হৈ থকা মেদ কমোৱাত সহায় কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ঠাণ্ডা লাগি ডিঙিৰ বিষ হ’লে নহৰু আৰু মৌৰ মিশ্ৰণ খালে সোনকালে উপশম হয়।
২) গোটেই দিনটো কাম কৰাৰ অন্তত গধূলি ভাগৰি যোৱাটো স্বাভাৱিক। কিছুমানৰ আকৌ গোটেই দিনটোতে ভাগৰুৱা অনুভৱ কৰি থাকে। নহৰু আৰু মৌৱে এই ভাগৰ লগা ভাৱটো নোহোৱা কৰিব পাৰে। নহৰুৰ ২/৩ টি কোঁহ থেতেলিয়াই তাৰ লগত এক টেবিল চামোচ মৌ মিহলাই ল’ব লাগে। এই মিশ্ৰণটি প্ৰতিদিনেই খালে অতি সহজে ভাগৰুৱা ভাৱ নোহোৱা হোৱাৰ লগতে শৰীৰটোও সক্ৰিয় হৈ থাকিব।
৩) ফ্লু সম্পৰ্কীয় যি কোনো ৰোগ ভাল কৰাত সহায় কৰে নহৰুৱে। পিঁয়াজৰ এফাল , ৫ কোঁহ নহৰু , দুটা শুকান জলকীয়া, এক টেবিল চামোচ আদা সৰু সৰুকৈ কাটি এটা পাত্ৰত মিহলাই ল’ব লাগে। এই উপকৰণটোত নেমুৰ ৰস আৰু পৰিমাণ চাই ভিনেগাৰ মিহলাই দিব লাগে। পাত্ৰটো অকণমান ফাক ৰখি ঢাকনি মাৰিব লাগে। নিয়মিত ভাৱে এই মিশ্ৰণটি খালে সৰ্দি , কাহ , ডিঙিৰ বিষ আৰু ফ্লুৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।