নিৰাশ বা হতাশা অনুভৱ কৰিলে বহুতে বাহিৰৰ সুস্বাদু খাদ্য অথবা মছলাযুক্ত ভজা খাদ্য, জাংক খাদ্য খাবলৈ পছন্দ কৰে। প্ৰিয় খাদ্য খালে হতাশাৰ পৰা উপশম পায় আৰু সাময়িকভাৱে সুখ অনুভৱ হয়। কিন্তু, শেহতীয়াকৈ কৰা এক গৱেষণাৰ মতে, উদ্বেগত ভুগি থকা অৱস্থাত ভজা-পোৰা বা জাংক খাদ্য খালে মানসিক চাপ বৃদ্ধি পাব পাৰে। ক’লৰাডো-ব’ল্ডাৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই কথা উল্লেখ কৰিছে ।
আমি যেতিয়াই ভজা খাদ্যৰ কথা কওঁ তেতিয়াই আমি ওজন বৃদ্ধিৰ সমস্যাৰ কথা ভাবো। গৱেষকসকলৰ মতে, উদ্বেগৰ সময়ত ভজা খাদ্য খোৱাটোৱে বৃহদান্ত্ৰত উপস্থিত বেক্টেৰিয়াৰ সৈতে ক্ৰিয়া কৰি মগজু আৰু বৃহদান্ত্ৰৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰে। অৰ্থাৎ উচ্চ চৰ্বিযুক্ত খাদ্য খোৱাৰ ফলত মগজুৰ প্ৰতিক্ৰিয়া হ’ব পাৰে যাৰ ফলত উদ্বেগৰ মাত্ৰা বৃদ্ধি পায়। আকৌ এনে খাদ্য খোৱাৰ ফলত তেজত ইনচুলিন প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়, যাৰ ফলত উদ্বেগৰ লক্ষণো বৃদ্ধি পায়।
ডিপ্ৰেছনত থাকি মিঠাই বা চকলেট খালেও ইয়াৰ প্ৰভাৱ একেই। ফলত হঠাতে তেজত শর্কৰাৰ মাত্ৰা বৃদ্ধি পায়। কিন্তু, যেতিয়া শর্কৰাৰ মাত্ৰা স্বাভাৱিক হয়, তেতিয়া হতাশা বা উদ্বেগ দুগুণলৈ বৃদ্ধি কৰে ৷
ইয়াৰ বাহিৰেও এই খাদ্যসমূহত উপস্থিত থকা বিভিন্ন প্ৰচেছড ৰাসায়নিক পদাৰ্থ, কৃত্ৰিম ৰং আদিৰ প্ৰভাৱ আমাৰ স্নায়ুতন্ত্ৰত বৰ বেছি ভাল নহয়। ফলত উদ্বিগ্নতাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।