ফাগুন মাহ আৰম্ভ হোৱাৰ লগে লগেই সকলোৰে মনত যেন বসন্তক আদৰাৰ হেঁপাহ ৷ ৰঙৰ উৎসৱ ফাকুৱা সনাতন ধৰ্মৰ এক অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ উৎসৱ। সমগ্ৰ দেশতে ইয়াক অতি আড়ম্বৰেৰে উদযাপন কৰা হয়।যাৰ বাবে এতিয়া সকলোৰে অপেক্ষা কেৱল ৰঙৰ উৎসৱৰ বাবে।
প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমাত পালন কৰা হয় এই উৎসৱ । এইবাৰ ২৫ মাৰ্চত ভাৰত বৰ্ষত এই ৰঙৰ উৎসৱ পালন কৰা হ’ব। যদিও এই উৎসৱ সমগ্ৰ দেশতে অতি উলহ-মালহেৰে উদযাপন কৰা হয়, তথাপি তুলনামূলক ভাৱে ভাৰতৰ কিছুমান ঠাইত এই উৎসৱ অধিক উৎসাহেৰে পালন কৰা পৰিলক্ষিত হয়। এই চহৰবোৰত যেন এই উৎসৱ উদযাপনৰ আনন্দই বেলেগ।
সেয়েহে আপুনিও যদি এইবাৰ স্মৰণীয় ৰূপত এই ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ বিচাৰে, তেন্তে আপুনিও যাব পাৰে ৰঙৰ উৎসৱ উদযাপনৰ বাবে বিখ্যাত আমাৰ দেশৰ এই চহৰবোৰলৈ।
দেশৰ এনে বিখ্যাত চহৰ সমূহ হ’ল-
বৃন্দাবন-
ফাকুৱা উদযাপনৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত ভগৱান শ্ৰীকৃষ্ণৰ নগৰ বৃন্দাবন। অতি ধুমধামেৰে বৃন্দাবনত উদযাপন কৰা হয় ৰঙৰ উৎসৱ । বাংকে বিহাৰী মন্দিৰত অনুষ্ঠিত হোৱা “ফুলৰ হোলী”ৰ বাবে বিখ্যাৎ বৃন্দাবন চহৰ।
মথুৰা-
শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাও হোলী উৎসৱৰ বাবে অতি বিখ্যাত। ইয়াত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ সাজ পিন্ধা শিশুসকলে দ্বাৰকাধীশ মন্দিৰত ৰঙেৰে এই দিৱস উদযাপন কৰে। হোলী উদযাপনৰ বাবে মথুৰা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ স্থান।
উদয়পুৰ-
যদি আপুনি এইবাৰৰ ৰঙৰ উৎসৱক স্মৰণীয় কৰি তুলিব বিচাৰে তেন্তে হ্ৰদৰ চহৰ উদয়পুৰলৈ যাব পাৰে। হোলীৰ দিনা এই চহৰ আৰু ইয়াৰ ৰাজপথবোৰ যেন ৰঙত ডুব যায় ৷ যাৰ ফলত এই উৎসৱৰ উদযাপন আৰু অধিক বৃদ্ধি পায়।
বৰছানা-
ৰাধা ৰাণীৰ নগৰ বৰছানাও হোলীৰ বাবে যথেষ্ট বিখ্যাত ঠাই৷ লাঠমাৰ হোলীৰ বাবে বিখ্যাত এই ঠাই য’ত ফাকুৱাৰ দিনা পুৰুষক মহিলাসকলে লাঠিৰে প্ৰহাৰ কৰা দেখা যায়।
পূষ্কৰ-
ফাকুৱা উৎসৱৰ সময়ত প্ৰাচীন চহৰ পুষ্কৰ ভ্ৰমণৰ বাবে এক অন্যতম স্থান। দেসী-বিদেশী পৰ্যটকসকলক আকৰ্ষণ কৰাৰ লগতে ইয়াত হোৰ উপৰিও বহু জনপ্ৰিয় উৎসৱ উদযাপন কৰা হয় ৷ এই উৎসৱত যন ৰঙত তিতি থাকে চহৰখনৰ প্ৰতিজন লোক ৷