নগাঁও জিলাৰ কচুৱা থানাৰ অন্তুৰ্গত শিমলুগুৰিত গ্ৰেপ্তাৰ কৰা হৈছে এজন চিকিৎসকক ৷ এগৰাকী চাৰিমহীয়া গৰ্ভৱতী মহিলাক যৌন নির্যাতন চলোৱাৰ অভিযোগ গ্ৰেপ্তাৰ কৰা চিকিসকজন হৈছে প্ৰশান্ত দাস ৷ জুকুটা স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া প্ৰশান্ত দাস ৷
প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে সংঘটিত হয় এই ঘটনা ৷ সেইদিনা এগৰাকী গৰ্ভৱতী মহিলাই বাৰপুজীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তুৰ্গত জুকুটা সামূহিক স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহিছিল। সেই সময়তে স্বাস্থ্য বিষয়া প্ৰশান্ত দাসে চিকিৎসা প্ৰদান কৰাৰ বাবে লৈ এটা কোঠালৈ লৈ যায় মহিলাগৰাকীক।
পৰৱর্তী সময়ত কোঠাৰ ভিতৰত চিকিৎসকজনে গৰ্ভৱতী মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। পিছত মহিলাগৰাকীয়ে কচুৱা থানাত প্ৰশান্ত দাসৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ৷ বিগত দুটা দিন ধৰি কচুৱা থানাই সমগ্ৰ বিষয়টো তদন্ত কৰাৰ পাছত বৃহস্পতিবাৰে ৰহা ৰজাগাঁৱৰ পৰা ৰহা আৰক্ষীয়ে চিকিৎসক প্ৰশান্ত দাসক গ্ৰেপ্তাৰ কৰে।
বৰ্তমান ৰহা আৰক্ষীৰ পৰা কচুৱা আৰক্ষীয়ে জিম্মাত লৈছে চিকিৎসকজনক। ভাৰতীয় দণ্ডবিধিৰ ৩৫৪/৩৫৪(এ)/৩৫৪(বি)/৩৭৬/৩৭৬/২)(ই)/৫১১ ধাৰাত ১২৬/২০২৩ নম্বৰৰ এক গোচৰ ৰজু কৰা হৈছে প্ৰশান্ত দাসৰ বিৰুদ্ধে ৷