ক’ভিডত আক্ৰান্ত হৈ মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ সামান্য উন্নতি ঘটিছে ৷ সংবাদ মাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰিছে চিকিৎসক প্ৰতিত চাম্দানীয়ে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি বর্তমানেও লতা মংগেশকাৰ আইচিইউত চিকিৎসা আগবঢ়াই থকা হৈছে ৷
এসপ্তাহ পূর্বে কিংবদন্তি গায়িকা লতা মংগেশকাৰক ক’ভিড নিউমুনিয়াত আক্ৰান্ত হোৱাত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেতিয়াৰ পৰা তেওঁক আইচিইউত ৰাখি চিকিৎসা প্ৰদান কৰি আহিছে বিশেষজ্ঞ চিকিৎসকৰ দলে ৷ দেওবাৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে সংবাদ মাধ্যমক অৱগত কৰিছিল যে মংগেশকাৰৰ স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে । ইপিনে , সকলোৰে মৰমৰ শিল্পী গৰাকীক হাস্পতালত ভর্ত্তি কৰোৱাৰ বাতৰি বিয়পি পৰাৰ পাছতে অনুৰাগীসকলৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উদ্বিগ্নতা ৷ শিল্পী গৰাকীৰ সুস্থতা কামনা কৰি অনুৰাগীয়ে প্ৰর্থনা জনাইছে ৷ সমান্তৰালভাৱে মংগেশকাৰৰ বাসগৃহত তেওঁৰ আৰোগ্য কামনা কৰি আয়োজন কৰা হৈছে শিৱ পূজা ৷ এই কথা প্ৰকাশ কৰিছে লতা মংগেশকাৰৰ ভগ্নী তথা বিশিষ্ট শিল্পী আশা ভোছলেই ৷