কুকুৰ ভালপোৱা মানুহ পৃথিৱীত বহুত আছে ৷ কুকুৰ প্ৰতিপালনৰ বাবে বহু টকা পইচা ব্যয় কৰাও পৰিলক্ষিত হয় ৷ সেইদৰে প্ৰজাতি ভেদে কুকুৰৰ দাম বেলেগ ৷ এটা কুকুৰৰ দাম কিমান হ’ব পাৰে ? ১০ হেজাৰ, ৫০ হেজাৰ অথবা কেইবা লক্ষ ৷ কিন্তু এটা কুকুৰৰ দাম কোটি টকা হ’ব পাৰেনে ? শুনিবলৈ আচৰিত যেন লাগিলেও শেহতীয়াকৈ হায়দৰাবাদৰ এজন লোকে ক্ৰয় কৰা এটা কুকুৰৰ মূল্য হৈছে ২ কোটি টকা ৷ বেংগালুৰু কুকুৰ প্ৰজনন সংস্থাৰ সভাপতি এছ সতীশে ক্ৰয় কৰিছে এই কুকুৰটো ৷ কিছুদিন আগতে সতীশে হায়দৰাবাদৰ এজন বিক্ৰেতাৰ পৰা ককেচীয়ান শ্বেফাৰ্ড কুকুৰটো প্ৰায় ২ কোটি টকাত ক্ৰয় কৰিছে ৷
নতুন পোহনীয়া জন্তুটোৰ নাম সতীশে ৰাখিছে ‘কদাবোম হায়দৰ’। তেওঁ কয় যে কুকুৰটোৰ বয়স ডেৰ বছৰ। কুকুৰটোৰ ওজন প্ৰায় ১০০ কিলোগ্ৰাম। আকাৰৰ ফালৰ পৰা কুকুৰটো কাৰ্যতঃ এটা সিংহৰ সমান ৷ কান্ধৰ উচ্চতা প্ৰায় ৩ ফুট, মূৰৰ পৰিধি ৩৮ ইঞ্চিতকৈ অধিক বুলি সতীশে সদৰী কৰিছে ।
ককেচীয়ান শ্বেফাৰ্ড কোনো ভাৰতীয় কুকুৰ নহয়। এই কুকুৰটো প্ৰধানকৈ ককেচীয়ান অঞ্চল অৰ্থাৎ জৰ্জিয়া, আৰ্মেনিয়া, তুৰস্ক আৰু ৰাছিয়াৰ বিভিন্ন অঞ্চলত পোৱা যায়। ২০ বছৰতকৈও অধিক সময় কুকুৰৰ প্ৰতি থকা প্ৰেমৰ কথা সতীশে উল্লেখ কৰি কয় যে ডাঙৰ কুকুৰ তেওঁ ভাল পায়। ককেচীয়ান শ্বেফাৰ্ডৰ উপৰিও সতীশৰ হাতত আছে ২ কোটি টকাৰ কোৰিয়ান ডোছা মাষ্টিফ, ১০ কোটি টকাৰ তিব্বতী মাষ্টিফ আৰু ৮ কোটি টকাৰ আলাস্কা মালামুট। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এখন প্ৰদৰ্শনীত প্ৰদর্শিত হ’ব এই নতুন কুকুৰটো।