ডন বস্কো ইনষ্টিটিউট অৱ মেনেজমেণ্ট (অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ এ আই চি টি ই অনুমোদিত প্ৰতিষ্ঠান)ৰ উদ্যোগত শেহতীয়াকৈ ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত ‘নাগৰিকৰ গোপনীয়তাৰ উদ্বেগ আৰু প্ৰত্যাশা” শীর্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় ৷
ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩ৰ ওপৰত কেন্দ্ৰিত এই কৰ্মশালাখনত বিশেষভাৱে ৰাজ্যৰ নাগৰিকসকলৰ তিনিটা গোপনীয়তাৰ উদ্বেগ আৰু প্ৰত্যাশাৰ বিষয়ে আলোচনা কৰা হয় ৷
আইচিএছএছআৰ হ্ৰস্বম্যাদী অভিজ্ঞতামূলক গৱেষণা প্ৰকল্প ২০২৩-২৪ৰ অধীনত “ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩ সন্দর্ভত নাগৰিকৰ গোপনীয়তাৰ উদ্বেগ আৰু প্ৰত্যাশাৰ মূল্যায়ন” শীৰ্ষক গৱেষণা অধ্যয়নৰ অংশ হিচাপে এই কৰ্মশালাখন আয়োজন কৰা হৈছিল। অধ্যয়নৰ পৰা লাভ কৰা তথ্যসমূহ প্ৰচাৰ কৰাৰ লগতে বিভিন্ন অংশীদাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। কৰ্মশালাত ছাত্ৰ-ছাত্ৰী, গৱেষক, অধ্যাপক, নাগৰিক সমাজৰ সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে।
প্ৰথম কাৰিকৰী অধিবেশনত শ্বাহনৱাজ খানে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩ৰ বিৱৰ্তনৰ ওপৰত আলোকপাত কৰে আৰু আইনখনৰ প্ৰাসংগিকতাৰ বিষয়ে বাখ্যা আগবঢ়ায় ৷ তেওঁ ভৱিষ্যতে প্ৰযুক্তিৰ বিৱৰ্তন আৰু তথ্য সুৰক্ষা কেনেকৈ আৰু অধিক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ড° মুকুলেশ বৰুৱাই দ্বিতীয় কাৰিকৰী অধিবেশনত সমাজ বিজ্ঞানত বিশেষকৈ নীতি গৱেষণাত মিশ্ৰিত পদ্ধতিৰ গৱেষণাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷
তৃতীয় কাৰিকৰী অধিবেশনত প্ৰকল্প সঞ্চালক ড০ নন্দিনী বৰাই ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩ আৰু নাগৰিকসকলৰ সজাগতাৰ স্তৰ সামৰি গৱেষণা অধ্যয়নৰ পৰা পোৱা তথ্যসমূহ দাঙি ধৰে ৷ কর্মশালাখনত উপস্থিত থকা অংশীদাৰী গোটসমূহে এই আইনখন সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উপায়ৰ পৰামৰ্শ প্ৰদান কৰে ৷ লগতে তথ্য সুৰক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰা হয় কর্মশালাখনত ।