আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নির্বাচনত পুনৰ প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷ বুধবাৰে তেওঁ এই কথা ঘোষণা কৰে ৷
২০২৪ চনত হোৱাইট হাউছৰ বাবে ৭৬ বছৰীয়া ট্ৰাম্পৰ সহায়কসকলে আমেৰিকাৰ ফেডাৰেল নিৰ্বাচন আয়োগত সংশ্লিষ্ট কাগজ-পত্ৰ দাখিল কৰিছে ৷ ট্ৰাম্পে এই কথা ঘোষণা কৰি সমৰ্থকসকলক কয় যে আমেৰিকাৰ প্ৰত্যাৱৰ্তন এতিয়া আৰম্ভ হৈছে।
ব্যৱসায়ী তথা টিভি তাৰকাগৰাকীয়ে ২০১৬ চনৰ নিৰ্বাচনত জয়লাভ কৰি বিশ্ববাসীক স্তম্ভিত কৰি তুলিছিল। ৰিপাব্লিকান নেতাগৰাকীয়ে এতিয়াও অনুগামীসকলৰ মাজত বিপুল জনপ্ৰিয় আৰু পুনৰ হোৱাইট হাউছৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ উচ্চাকাংক্ষাৰ বিষয়ে প্ৰকাশ কৰিছে।