VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিৰ্বাচনত ৰিগিং কৰাৰ অপৰাধত ২০ মিনিট কাৰাগাৰৰ আলহী হ’ল প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প!

voicedesk by voicedesk
August 25, 2023
in মুখ্য সংবাদ
নিৰ্বাচনত ৰিগিং কৰাৰ অপৰাধত ২০ মিনিট কাৰাগাৰৰ আলহী হ’ল  প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প!
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী প্ৰৱঞ্চনাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হ’ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বৃহস্পতিবাৰে আটলাণ্টাৰ ফুলটন কাউন্টি জেলত তেওঁ আত্মসমৰ্পণ কৰে। কিন্তু গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ ফটো তোলাৰ পিছত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ২০ লাখ ডলাৰৰ বণ্ডত মুকলি কৰি দিয়া হয়। বিশ মিনিট কাৰাগাৰত কটাবলগীয়া হৈছিল ট্ৰাম্পে। ইয়াৰ পিছত তেওঁ কাৰাগাৰৰ পৰা ওলাই আহে ৷

 

২০২০ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী  তেতিয়াৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জো বাইডেনৰ মাজত জর্জিয়াত কঠিন  যুঁজ হৈছিল। কিন্তু  বাইডেনে ১২ হাজাৰ ভোটত জয়লাভ কৰে। ট্ৰাম্পে দাবী কৰিছিল যে এই গণনাত ৰিগিং কৰা হৈছে। পৰৱর্তী সময়ত তেওঁৰ বিৰুদ্ধেহে কাউণ্টাৰ ৰিগিঙৰ অভিযোগ উত্থাপন হয়। জৰ্জিয়াৰ ফলাফল সলনি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। জৰ্জিয়াৰ আদালতত ট্ৰাম্পৰ বিৰুদ্ধে মুঠ ১৩টা অভিযোগ উত্থাপন কৰা হৈছিল। সেইবোৰৰ ভিতৰত ৰাজহুৱা বিষয়াৰ শপতনামা উলংঘা কৰা আৰু প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ কৰা আদি অন্যতম। ট্ৰাম্পৰ লগতে তেওঁৰ দুজন ঘনিষ্ঠ সহায়ক — তেতিয়াৰ হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী মাৰ্ক মিড’ছ আৰু ড’নাল্ড ট্ৰাম্পৰ অধিবক্তা ৰুডি জিউলিয়ানি — অভিযুক্ত কৰা হৈছিল। ইয়াৰ উপৰিও আমেৰিকাৰ ন্যায় বিভাগৰ তেতিয়াৰ মুৰব্বী জেফ্ৰি ক্লাৰ্ককে ধৰি আন ১৬ জনৰ বিৰুদ্ধে একে অভিযোগ উত্থাপন হৈছে। সকলোকে আত্মসমৰ্পণৰ বাবে ২৫ আগষ্টলৈকে সময় দিয়া হৈছিল। সেই নিৰ্দেশৰ পিছতে ট্ৰাম্পে জৰ্জিয়াৰ কাৰাগাৰলৈ গৈ বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে।

 

ট্ৰাম্পৰ উপৰিও এই গোচৰৰ আন অভিযুক্তসকলেও আত্মসমৰ্পণ কৰিছে।  আমেৰিকাৰ সকলো প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভিতৰত ট্ৰাম্প প্ৰথমজন ৰাষ্ট্ৰপতি  যিয়ে অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈ গ্ৰেপ্তাৰ হৈছে।

 

গ্ৰেপ্তাৰৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে আমেৰিকাৰ বাবে এইটো এটা অতি দুখজনক দিন।তেওঁ  একো ভুল কৰা নাই।তেওঁৰ বিৰুদ্ধে ন্যায় ব্যৱস্থাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰিপাব্লিকান দলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰাৰ পিছত তেওঁৰ বহু সমৰ্থকে আটলাণ্টাৰ জেলৰ বাহিৰত একত্ৰিত হৈ শ্লোগান দিয়ে।

 

Previous Post

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অসমৰ শিল্পী-কুশলীলৈ অভিনন্দন আম আদমি পাৰ্টীৰ

Next Post

মণিপুৰ হিংসাৰ চিবিআইৰ সকলো গোচৰৰ শুনানি গুৱাহাটীৰ আদালতত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে বহু গোচৰ, বুধবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক শুনানি

মণিপুৰ হিংসাৰ চিবিআইৰ সকলো গোচৰৰ শুনানি গুৱাহাটীৰ আদালতত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7