হিংসা, যৌন কেলেংকাৰী, অপৰাধমূলক গোচৰ আদিকে ধৰি কেইবাটায়ো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে । তথাপিও আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্প ডেম’ক্ৰেটিক দলৰ প্ৰতিদ্বন্দ্বী জো বাইডেনৰ তুলনাত আগবাঢ়ি আছে! সোমবাৰে চিএনএনত প্ৰকাশিত জনমত সমীক্ষাৰ প্ৰতিবেদনত এই দাবী কৰা হৈছে।
সমীক্ষা অনুসৰি ৪৯ শতাংশ আমেৰিকান ভোটাৰে ট্ৰাম্পক সমৰ্থন কৰে। ৪৩ শতাংশ ভোটাৰে বাইডেনক সমৰ্থন কৰা বুলি উল্লেখ কৰা হৈছে । তাৎপৰ্যপূৰ্ণভাৱে সমীক্ষাত অংশগ্ৰহণ কৰা ৫৫ শতাংশ ভোটাৰে কয় যে তেওঁলোকে ভাবিছে যে ট্ৰাম্প ৰাষ্ট্ৰপতি হিচাপে সফল হ’ব। ৪৪ শতাংশ ভোটাৰে ট্ৰাম্পক ব্যৰ্থ বুলি ভাবে। ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাইডেনৰ হাতত পৰাস্ত হৈছিল ট্ৰাম্প। ইয়াৰ পিছত জনমতৰ সমীক্ষাত আমেৰিকাৰ ৫৫ শতাংশ ভোটাৰে ট্ৰাম্পক ‘ব্যৰ্থ ৰাষ্ট্ৰপতি’ বুলি চিনাক্ত কৰে।
‘প্ৰতিনিধি ভোটৰ সীমা’ অতিক্ৰম কৰাৰ পিছত ইতিমধ্যে বাইডেন আৰু ট্ৰাম্পে মূল যুদ্ধৰ পৰ্যায়ত উপনীত হৈছে। ফলত অহা নৱেম্বৰ মাহত প্ৰায় ছয় দশকৰ পাছত আমেৰিকাত পুনৰ বিগত নির্বাচনৰ দুই প্ৰতিদ্বন্দিকে পুনৰ দেখা যাব। শেষবাৰৰ বাবে এনেকুৱা হৈছিল ১৯৫৬ চনত। এইবাৰ ট্ৰাম্পে ফলাফল সলনি কৰিবনে?