ট্ৰাম্প মিডিয়া আৰু টেকনলজি গ্ৰুপৰ স্বতাধিকাৰ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে “Thruth Social” নামৰ এটা নতুন ছছিয়েল মিডিয়া প্লেটফৰ্ম মুকলি কৰিব।
আমেৰিকাৰ চিলিকন ভেলীৰ ফেচবুক, টুইটাৰ আদিৰ দৰে ছছিয়েল মিডিয়া প্লেটফৰ্মত Truth social ৰ আগমনে প্ৰভাৱ পেলাব বুলি ট্ৰাম্পে ঘোষণা কৰে।
ট্ৰাম্পে জনাই যে টুইটাৰৰ দৰে প্লেটফৰ্মত তালিবানৰ দৰে সন্ত্ৰাসবাদী থাকিব পাৰে কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নিষিদ্ধ।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে টুইটাৰ প্লেটফৰ্মত ট্ৰাম্পক নিষিদ্ধ কৰা হৈছিল। সেইকাৰণে ট্ৰাম্পে নতুন প্লেটফৰ্ম নিৰ্মাণ কৰিছে। ২০২২ চনৰ পৰা এই truth এপৰ সেৱাসমূহ ৰাইজে গ্ৰহণ কৰিব পাৰিব।