আমেৰিকাই এছিয়াত ‘অন্য এক ইউক্ৰেইনৰ পৰিস্থিতি’ হোৱাটো নিবিচাৰে। এই যুক্তি সন্মুখত ৰাখি ৰাষ্ট্ৰপতি জো বাইডেনৰ চৰকাৰ এইবাৰ টাইৱানক সামৰিক সাহায্য প্ৰদান কৰা হৈছে । চীনৰ আগ্ৰাসন ৰোধৰ বাবে টাইৱানক ৩৪৫ মিলিয়ন ডলাৰ (প্ৰায় ২৮৩৮ কোটি টকা) মূল্যৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সা-সঁজুলি দিয়াৰ প্ৰস্তাৱ শুকুৰবাৰে হোৱাইট হাউছে অনুমোদন জনায়।
ৰাষ্ট্ৰপতি বাইডেনৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাৰ বিধায়িনী দলে যোৱা বছৰ প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ টাইৱানক সামৰিক সাহায্য আগবঢ়াবলৈ অনুমতি দিছিল। অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলিৰ উপৰিও পেন্টাগনে টাইৱানৰ সেনাবাহিনীক প্ৰশিক্ষণৰ সহায়ো আগবঢ়াব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে। শেহতীয়াকৈ চীন ভ্ৰমণ কৰিছিল আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন আৰু কোষাগাৰ সচিব জেনেট য়েলেনে। কূটনৈতিক মহলৰ এটা অংশই বিশ্বাস কৰিছিল যে তাৰ পিছত টাইৱানক সামৰিক সাহায্য দিয়াৰ ঘোষণাই চীনক ক্ষুব্ধ কৰিব পাৰে।
আমেৰিকাৰ সংবাদ মাধ্যমৰ এটা অংশই প্ৰকাশ কৰা অনুসৰি টাইৱানক প্ৰথম পৰ্যায়ত ‘ৰাডাৰ ৱাৰ্নিং চিষ্টেম’ দিয়া হ’ব পাৰে। ইয়াৰ জৰিয়তে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰসমূহ দ্ৰুতভাৱে চিনাক্ত কৰিব পৰা যায়। ফলত টাইৱান সেনাই এণ্টি মিছাইল ব্যৱস্থাৰ সহায়ত ইয়াক ধ্বংস কৰিব পাৰে। ইয়াৰ উপৰিও এফ-১৬ যুঁজাৰু বিমান সক্ষম জাহাজ বিৰোধী হাৰপুন ক্ষেপণাস্ত্ৰ, এম-১ আব্ৰাহাম ট্ৰাংক আৰু চুটি দূৰত্বৰ ‘পৃষ্ঠৰ পৰা পৃষ্ঠলৈ’ ক্ষেপণাস্ত্ৰৰ ব্যৱস্থা কৰা হ’ব পাৰে। এই সামৰিক সাহায্য ৰাষ্ট্ৰপতিৰ বিশেষ ক্ষমতাৰ অধীনত ‘বিদেশী সাহায্য’ হিচাপে টাইৱানলৈ প্ৰেৰণ কৰা হ’ব।
আমেৰিকান কংগ্ৰেছৰ নিম্ন সদনৰ তেতিয়াৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষই চীনৰ সতৰ্কবাণীক আওকাণ কৰি যোৱা বছৰৰ ২ আগষ্টত টাইৱান ভ্ৰমণলৈ গৈছিল। তেতিয়াৰ পৰাই টাইৱান জলদ্বীপ আৰু কাষৰীয়া চীন সাগৰত বেইজিঙৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পাইছে। টাইৱানৰ আকাশমাৰ্গ উলংঘাৰ কাণ্ডও অবিৰতভাৱে সংঘটিত হৈ আছে। এই পৰিস্থিতিত চীনৰ আক্ৰমণৰ আশংকা টাইৱানে। চীনৰ যুদ্ধবিমান আৰু যুদ্ধজাহাজৰ আশংকাই টাইৱান জলদ্বীপত বাণিজ্যিক বিমান আৰু জাহাজ চলোৱাত ‘প্ৰভাৱ’ পেলাইছে। টাইপেইয়ে দাবী কৰিছে যে টাইৱান জলদ্বীপত নিয়োজিত চীনৰ কেইবাখনো যুদ্ধজাহাজৰ গতিবিধি নিৰীক্ষণ কৰি আছে। এনে পৰিস্থিতিত দক্ষিণ চীন সাগৰত বাণিজ্যিক জাহাজৰ যাতায়ততো হ্ৰাস পাইছে।