২০২৪-২৫ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ “দৰ্পণ নামভৰ্তি পৰ্টেল” মঙলবাৰৰ পৰা মুকলি কৰা হৈছে।এই পর্টেলৰ জৰিয়তে শিক্ষার্থীসকলে আৱেদন কৰিব পাৰে ৷
এই সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে www.darpan.ahseconline.in বা www.ahsec.assam.gov.in ৰ জৰিয়তে অনলাইন যোগে আবেদন কৰিব পাৰিব।
আজিৰে পৰা ২মে’ পৰ্য্যন্ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন আবেদন কৰিব পাৰিব। এনে আবেদনৰ পিছত সংশ্লিষ্ট শিক্ষানুষ্ঠানে ৩মে’ৰ পৰা ৪ মে’ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা তালিকা, অপেক্ষাৰ তালিকা প্ৰস্তুত কৰিব। ৬ মে’ৰ পৰা ৮ মে’ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠান সমুহত নামভৰ্তি কৰিব লাগিব। বিগত বছৰতো একে পদ্ধতিৰে নামভর্ত্তি কৰা হৈছিল ৷ নামভর্ত্তিৰ প্ৰক্ৰিয়াটো শৃংখলাৱদ্ধ কৰাৰ বাবেই এই পর্টেল মুকলি কৰা হৈছে ৷