উত্তৰ ম্যানমাৰৰ এটা জেদ পান্না খনিত সংঘটিত হৈছে এক ভয়াৱহ ভুমিস্খলনৰ ঘটনা ৷ এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০ জন লোক সন্ধানহীন হৈ আছে। ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ অৱশ্যে ভুক্তভোগীসকলৰ অধিকাংশই অবৈধ খননকাৰী আছিল বুলি আশংকা কৰা হৈছে ।বুধবাৰে স্থানীয় সময় অনুসৰি প্ৰায় চাৰি বজাত কাচিনৰ হাপাকান্ত অঞ্চলত সংঘটিত হয় এই ভূমিস্খলন।
উল্লেখ্য যে ম্যানমাৰ হৈছে বিশ্বৰ ভিতৰতে জেড পান্নাৰ সর্ববহৎ উৎস৷ কিন্তু দেশখনৰ খনিসমূহত বিগত সময়ছোৱাত অসংখ্য দুৰ্ঘটনা সংঘটিত হোৱাৰ উদাহৰণ আছে ৷ ।খনিসমুহৰ শিল ট্ৰাকৰ পৰা মুকলি স্থানত অত্যাধিক হাৰত পেলাই দিয়াৰ ফলত এই দূর্ঘটনা সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে ৷এনেদৰে ৰখা শিলৰ স্তুপসমূহ অত্যন্ত বিপদজনক যদিও শ্ৰমিকসকলে এনে স্থানসমূহত কাম কৰি অহাৰ বাবেই সময়ে সময়ে এনে দূর্ঘটনা সংঘটিত হৈছে ৷
হাপাকান্তত জেড পান্নাৰ খনন নিষিদ্ধ কৰা হৈছে যদিও স্থানীয় লোকসকলে এই নিয়ম ভংগ কৰি অহা পৰিলক্ষিত হৈছে ৷ ক’ভিড মহামাৰীৰ পাছত দেশখনত সৃ্ষ্টি হোৱা নিবনুৱা সমস্যা আৰু দৰিদ্ৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাবে পান্না খনন অবৈধ ভাৱে কৰি আহিছে একাংশ স্থানীয় লোকে ৷ কিছুদিন পূর্বে হাপাকান্তৰ এটা জেড ব্লকত হোৱা ভূমিস্খলনত কমেও ১০ জন অপ্ৰশিক্ষিত খনিকৰ্মী সন্ধানহীন হৈছিল।তদুপৰি যোৱা বর্ষত হাপাকান্তৰ এটা খনিত খনন আৱর্জনা হ্ৰদত খহি পৰাৰ ফলত ১৬০ জনৰো অধিক লোকৰ প্ৰাণ হানি হৈছিল ৷ ম্যানমাৰৰ জেড পান্নাৰ ব্যৱসায় বছৰি 30 বিলিয়ন ডলাৰতকৈ অধিক ৷হাপাকান্ত হৈছে বিশ্বৰ আটাইতকৈ বৃহৎ জেড খনি ৷