গুৱাহাটীঃ উত্তৰাখণ্ডৰ ইন্সটিটিউট অব হস্পিটালিটি মেনেজমেন্ট এণ্ড চাইন্সৰ তৰফৰ পৰা ডঃ ভোলা চৌৰাচিয়াক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয় ৷ আতিথ্য ব্যৱস্থাপনা বিষয়ৰ শিক্ষাত প্ৰদৰ্শন কৰা বিশেষ পাৰদৰ্শিতাৰ বাবে তেখেতক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছিল ৷ যোৱা ৮ অক্টোবৰত শিক্ষানুষ্ঠানটিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সন্মিলনত তেখেতক এই বঁটা প্ৰদান কৰে উত্তৰাখণ্ড বিধান সভাৰ প্ৰথম মহিলা অধ্যক্ষ ঋতু খান্দাৰি ভূষণে ৷ ডঃ চৌৰাচিয়া বর্তমানে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হস্পিটালিটি মেনেজমেন্ট আৰু টুৰিজিম বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কর্মৰত ৷
বঁটা গ্ৰহণ কৰি দিয়া ভাষণত তেখেতে অসমৰ লোকৰ আতিথ্যৰ পৰম্পৰা আৰু পর্যটন সম্পদৰ বিষয়ে বহলাই বাখ্যা কৰে ৷আনহাতে সন্মিলনত উপস্থিত থকা ভাৰতৰ বিভিন্ন প্ৰান্তৰ অতিথিসকলক তেখেতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা আৰু চাহপাতৰ টোপোলাৰে আদৰণি জনায় ৷
ভাৰতৰ বিভিন্ন ঠাইৰ আগশাৰীৰ কেইবাখনো শিক্ষাপ্ৰতিষ্ঠানত কাম কৰা অভিজ্ঞতাপুষ্ট ডঃ চৌৰাচিয়াই মাত্ৰ কেইবছৰমান আগতে এই বিশ্ববিদ্যালয়ত যোগদান কৰে ৷
উল্লেখযোগ্য যে পর্যটন আৰু আতিথ্য প্ৰসংগৰ ভালেকেইখন গৱেষণা পত্ৰৰ যোগেৰে তেখেতে ইতিমধ্যেই দেশ-বিদেশত খ্যাতি অর্জন কৰিছে ৷ ধর্মীয় পর্যটনৰ সীমা অতিক্ৰম কৰি উমানন্দ দেৱালয়ক কেন্দ্ৰ কৰি হ’ব পৰা পর্যটন আকর্ষণৰ বিষয়ে তেখেতে প্ৰস্তুত কৰা গবেষণা পত্ৰই ব্যাপক সমাদৰ লাভ কৰিছিল ৷আনহাতে গুৱাহাটী মহানগৰীৰ হোটেল আৰু উপভোক্তাৰ সন্তুষ্টিৰ বিষয়ে তেখেতে প্ৰস্তুত কৰা গবেষণা পত্ৰয়ো যথেষ্ঠ চিন্তাৰ খোৰাক যোগাইছিল ৷ বর্তমানে তেখেত অসমৰ পর্যটন আৰু আতিথ্য বিষয়ক গবেষণা কৰি আছে ৷
তেখেতে ৰচনা কৰা ‘দা গ্ৰেট আচামিজ কুইজিন’ গ্ৰন্থই ভাৰতৰ ৰন্ধন বিষয়ক গ্ৰন্থৰ মাজত বিশেষ স্থান অধিকাৰ কৰিছে ৷ তেখেতৰ এই সন্মান প্ৰাপ্তিয়ে বিশ্ববিদ্যালয়খনলৈ আনন্দৰ লহৰ বোঁৱাই আনিছে ৷