সুৰাপান কৰি ৮ জনকৈ শ্ৰমিকক নিশা কৰ্মৰত অৱস্থাত মহতিয়াই নিয়া ৰাজকন্যা বৰুৱাক GNRC হস্পিতালৰ ICU ত আশ্ৰয় প্ৰদান কৰা জেষ্ঠ চিকিৎসক নভনীল বৰুৱাক তিনি দিনৰ জেৰাৰ অন্তত কালি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
অভিযুক্তক সহায় কৰাৰ অপৰাধত চিকিৎসকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ২০১, ২১২ আৰু ১২০বি ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে পিছত তেওঁ জামিনত মুকলি হয়।
ৰাজকন্যা বৰুৱাক সম্প্ৰতি কাৰাগাৰত ৰখা হৈছে। আনহাতে কভিদ বিধি উলংঘন কৰা পঞ্চ তাৰকা হোটেল তাজ ভিভাণ্টাৰ বিৰুদ্ধে কামৰুপ মহানগৰ জিলা উপায়ুক্তই জাননী জাৰী কৰিছে।