পাঠকৰ মুকলি কৰা হ’ব ৰাজ্য়ৰ বিশিষ্ট শিক্ষাবিদ, সমাজ বিজ্ঞানী প্ৰয়াত ড০ শিৱনাথ বৰ্মনৰ ব্যক্তিগত পুথিভঁৰাল ৷ ড০ শিৱনাথ বৰ্মন স্মৃতি ন্যাসে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ এই বিষয়ে আলোচনা কৰিবলৈ ১২ নৱেম্বৰত এখন বিশেষ সভাৰ আহ্বান কৰিছে ন্যাসে ৷ মহানগৰীৰ ৰাজগড়স্থিত ৮ নং উপ-পথত থকা প্ৰয়াত শিক্ষাবিদগৰাকীৰ বাসগৃহত (ঘৰ নং-২৩৯) এই বিশেষ সভাৰ আয়োজন কৰা হৈছে।
দিনৰ ২ বজাত এই সভাৰ জৰিয়তেই ড০ বৰ্মনৰ বহুমূলীয়া গ্ৰন্থৰে সমৃদ্ধ পুথিভঁৰাল পাঠক সমাজৰ বাবে মুকলি কৰা হ’ব। তদুপলক্ষে এই অনুষ্ঠানলৈ আগ্ৰহী গ্ৰন্থপ্ৰেমী তথা প্ৰয়াত শিক্ষাবিদগৰাকীৰ অনুৰাগীক আমন্ত্ৰণ জনাইছে ড০ শিৱনাথ বৰ্মন স্মৃতি ন্যাসে। উল্লেখ্য ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা ড০ বৰ্মনে অভিধান প্ৰণয়ন কৰাৰ লগতে কেইবাখনো গ্ৰন্থেৰে অসমীয়া সাহিত্য জগত সমৃদ্ধ কৰি গৈছে ৷ ২০২২ বর্ষৰ ১৫ ডিচেম্বৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷