VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১২ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত ‘স্বদেশ পটভূমি’য়ে আয়োজন কৰা গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান৷

প্ৰথম পুৰস্কাৰ প্ৰাপক ড০ বিদিশা মহন্তই লাভ কৰে মানপত্ৰ,কিতাপৰ টোপোলা আৰু নগদ ১০হাজাৰ টকা

voicedesk by voicedesk
February 13, 2024
in মুখ্য সংবাদ
১২ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত ‘স্বদেশ পটভূমি’য়ে আয়োজন কৰা গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান৷
0
SHARES
732
VIEWS
Share on FacebookShare on Twitter

অসমৰ অত্যাধুনিক ছপাশালৰ অন্যতম বাটকটীয়া প্ৰয়াত যোগেশ শৰ্মাৰ জন্মদিনটোৰ সৈতে সংগতি ৰাখি ১২ফেব্ৰুৱাৰী সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ‘স্বদেশ পটভূমি’য়ে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ প্ৰয়াত যোগেশ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰি বঁটাপ্ৰদান অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে শৰাইঘাট ফটো টাইপছৰ মহাপ্ৰবন্ধক তপন কুমাৰ গোস্বামীয়ে ৷
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক,অভিধান প্ৰণেতা ড০ দীনেশ চন্দ্ৰ গোস্বামী,বিশিষ্ট লেখক ময়ূৰ বৰা ,আমেৰিকা নিবাসী বিশিষ্ট বিজ্ঞানী ড০ বাবুল বৰা ৷
বিশিষ্ট অতিথীৰ ভাষণ প্ৰসংগত ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে কয় যোগেশ শৰ্মাই প্ৰথম অৱস্থাত ব্যৱসায়ত মনোনিবেশ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ ছপাশাল প্ৰতিষ্ঠা কৰি এগৰাকী উদ্যোগপতি হিচাপে পৰিচিতি লাভ কৰে ৷ আনহাতে অসমীয়া গল্প সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে অসমীয়া গল্পসমূহ লাহে লাহে কঠিন হৈ আহিছে ৷ সেয়েহে ‘স্বদেশ পটভূমি’ৰ যোগেদি সহজ-সৰল গল্প পঢ়িবলৈ পাব বুলি তেওঁ আশাবাদী ৷আনহাতে বিশিষ্ট লেখক ময়ূৰ বৰাই ভাষণ প্ৰসংগত কয় যে জাতিৰ মেৰুদণ্ড পোন কৰি ৰখাৰ ক্ষেত্ৰত ‘স্বদেশ পটভূমি’ৰ এই পদক্ষেপ উল্লেখযোগ্য ৷নিৰাশাৰ মাজত আশাৰ বন্তি জ্বলোৱাৰ উদ্দেশ্যেৰে সাহিত্যৰ জগতখনত ইতিবাচক চিন্তাৰে আগবাঢ়ি অহা বাবে ‘স্বদেশ পটভূমি’ৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাৰবীন ভূঞাক ধন্যবাদ জ্ঞাপন কৰে ৷
বঁটাপ্ৰদান অনুষ্ঠানটিত আমেৰকা নিবাসী বিশিষ্ট বিজ্ঞানী ড০ বাবুল বৰাই তেওঁৰ ভাষণত কয় মাজুলীত এশবছৰ পূৰ্বে এখন ইংৰাজী মাধ্জমৰ বিদ্যালয় স্থাপন কৰিছিল ৷ লগতে তেওঁ কয় যে আমেৰিকাতো মানুহৰ কিতাপৰ প্ৰতি ধাউতি আছে আৰু স্বদেশ পটভূমিয়ে লোৱা এই পদক্ষেপ শলাগনীয় ৷

স্বদেশ পটভূমিৰ মুখ্য সম্পাদক তথা আমাৰ অসমৰ জ্যে্ঠ সাংবাদিক ৰবীন ভূঞাই উক্ত বঁটাপ্ৰদান অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰসংগত কয় যে তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাত বিজয়ী সকলক এই অনুষ্ঠানৰ দ্বাৰা বঁটা প্ৰদান কৰা হৈছে ৷ তেওঁলোকক অনুপ্ৰেৰণা দিয়াই ‘স্বদেশ পটভূমি’ৰ মূল লক্ষ ৷
উল্লেখযোগ্য যে এই গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰা ড০ বিদিশা মহন্তক মান-পত্ৰ,কিতাপৰ টোপোলা আৰু ধৰ্মপ্ৰাণ ব্যক্তি হৰিপদ শইকীয়াৰ সোঁৱৰণত ডং শশীকান্ত শইকীয়াই নগদ ১০হাজাৰ টকা প্ৰদান কৰে ৷
আনহাতে দ্বিতীয় পুৰস্কাৰ লাভ কৰে ববিতা কলিতাক মানপত্ৰ কিতাপৰ টোপোলা আৰু তপন কুমাৰ শৰ্মা সোঁৱৰণত হিৰণ্য কুমাৰ শৰ্মাৰ পৰিয়ালে নগদ আঠ হাজাৰ টকা প্ৰদান কৰে লগতে তৃতীয় পুৰস্কাৰ প্ৰাপ্ত জ্যোতিৰ্ময়ী কলিতা দাসক মানপত্ৰ ,কিতাপৰ টোপোলাৰ লগতে বিশিষ্ট শিক্ষাবিদ দেবেন্দ্ৰ চন্দ্ৰ নাথৰ সোঁৱৰণত ডাও ধীৰেণ কুমাৰ নাথে ৫হাজাৰ টকা প্ৰদান কৰে ৷
উক্ত গল্পৰ পাণ্ডুলিপিৰ প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে মায়া শৰ্মা,ৰেণুপ্ৰভা হাজৰিকা,চিত্তৰঞ্জন ওজা,ভৰত ৰাজখোৱা,প্ৰতিভা ভাগৱতী,মীৰা দত্ত,নিংকু নিশা নেওগ,ড০ বন্দনা খটনিয়াৰ,সুবৰ্ণ গগৈ,পম্পী বৰা বৈশ্য,মুনমী দত্ত হাজৰিকা,মামনি গোস্বামী শৰ্মা আদি কেইবাগৰাকীও গল্পকাৰে ৷

উক্ত অনুষ্ঠানত নৃত্য পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে শিশু শিল্পী সৃজন প্ৰিয়ম ভূঞাই ৷ স্বদেশ পটভূমিৰ সহকাৰী সম্পাদক সংগম দাসে আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় তপন গোস্বামীয়ে

Previous Post

নগাঁৱৰ খলিহামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ছাত্ৰী

Next Post

আজি ‘ আলি আয়ে লৃগাং “

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আজি ‘ আলি আয়ে লৃগাং “

আজি ' আলি আয়ে লৃগাং "

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7