তিনিমাহ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ ৷ তেওঁৰ বিৰুদ্ধে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইলৈ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা নথি-পত্ৰ প্ৰেৰণ কৰাৰ অভিযোগত মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই অভিযোগনামা দাখিল কৰিছে।
৬০ বছৰীয়া প্ৰদীপক পুনেৰ ডি আৰ ডি অ’ৰ চিষ্টেম ইঞ্জিনিয়াৰিং লেবৰেটৰীৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। ৩ মে’ত চৰকাৰী গোপনীয় তথ্য ফাদিল কৰাৰ অভিযোগত তেওঁক ‘অফিচিয়েল ছিক্ৰেটছ এক্ট’ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগনামাত উল্লেখ কৰা অনুসৰি আই এছ আই এজেণ্টৰ সৈতে প্ৰদীপৰ যোগাযোগৰ সুনিৰ্দিষ্ট প্ৰমাণ হোৱাটছএপৰ লগতে ভইচ আৰু ভিডিঅ’ কলৰ জৰিয়তেও পোৱা গৈছে।
১৯৮৮ চনৰ পৰা ডি আৰ ডি অ’ত কৰ্মৰত প্ৰদীপক ছ’চিয়েল মিডিয়াত ধুনীয়া ধুনীয়া মহিলাৰ ছবি দেখুৱাই পাকিস্তানী চোৰাংচোৱা সংস্থাটোৱে ‘জালত বন্দী’ কৰা বুলি দাবী কৰিছে এ টি এছৰ। তেনে এগৰাকী ধুনীয়া জাৰাই নিজকে ব্ৰিটেইনত থকা চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে পৰিচয় দিয়ে। আশালীনে টেক্সট মেছেজ আৰু ভিডিঅ’ৰ জৰিয়তে প্ৰদীপৰ লগত বন্ধুত্ব কৰিছিল। তদন্তত এ টি এছে গম পালে যে তেওঁৰ আই পি ঠিকনা পাকিস্তানৰ। প্ৰদীপৰ পৰা জাৰা ব্ৰাহ্মছ মিছাইল, ডি আৰ ডি অ’ৰ নিৰ্মিত ড্ৰ’ন, অগ্নি ক্ষেপণাস্ত্ৰ আৰু মিলিটাৰী ব্ৰীজিং চিষ্টেম আৰু অন্যান্য স্পৰ্শকাতৰ তথ্য পাকিস্তানী এজেণ্টে লাভ কৰা বুলি অভিযোগনামাত দাবী কৰা হৈছে।