কালি উৰিষ্যাৰ চণ্ডীপুৰ টেষ্ট ৰেঞ্জৰ পৰা DRDO ৰ হাইস্পিড এক্সপানডেবল এৰিয়েল টাৰ্গেট ক্ৰাফ্ট অভ্যাসৰ পৰীক্ষা সম্পন্ন কৰা হয়। পৰীক্ষাৰ অন্তত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে DRDO ৰ চেয়াৰমেন ড৹ সতীশ ৰেড্ডীক অভিনন্দন জ্ঞাপন কৰে।
গ্ৰাউণ্ড কণ্ট্ৰল ষ্টেচনৰ দ্বাৰা পৰিচালিত হোৱা স্বয়ংক্ৰিয় বিমানখনে পৰৱৰ্তী সময়ত ভাৰতীয় সেনা বাহিনীত সেৱা আগবঢ়াব।