ভাৰতৰ আগশাৰীৰ কোম্পানী ড্ৰেজিং কৰ্প’ৰেচন অৱ ইণ্ডিয়াই ৰাষ্ট্ৰৰ বন্দৰসমূহলৈ সমৰ্পিত ড্ৰেজিং সেৱা আগবঢ়োৱাৰ ৪৫ বছৰ পূর্ত্তি উপলক্ষে আয়োজন কৰা “আজাদী কা অমৃত মহোৎসৱ”ৰ অংশ হিচাপে মুকলি কৰে ড্ৰেজিং সংগ্ৰহালয় ৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ড্ৰেজিং কৰ্প’ৰেচন অৱ ইণ্ডিয়াৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে ড্ৰেজিং সংগ্ৰহালয় মুকলি কৰে। সংগ্ৰহালয়টোত বিভিন্ন প্ৰকাৰৰ ড্ৰেজাৰ, আনুসংগিক কাৰুশিল্প, পুৰণি আলোকচিত্ৰ, বিভিন্ন প্ৰযুক্তিগত শিল্পকলা, ঐতিহাসিক সমল আদি প্ৰদৰ্শন কৰা হৈছে।তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ড্ৰেজিং কৰ্প’ৰেচন অৱ ইণ্ডিয়াৰ অধ্যক্ষ কে ৰামা মোহন ৰাও, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া ড° জি ৱাই ভি ভিক্টৰ প্ৰমুখ্যে অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কোম্পানীটোৰ বিভিন্ন কাম-কাজ আৰু প্ৰকল্পৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীৰ সন্মুখত উচ্চপদস্থ বিষয়ববীয়াই কোম্পানীটোৰ বিকাশ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে বিতং উপস্থাপন দাঙি ধৰে।