মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে আবকাৰী নীতিত ব্যাপক সালসলনি কৰিছে ৷ এতিয়াৰ পৰা ৰাজ্যখনত খোলা ৰাখিব নোৱাৰিব বাৰ ৷ স্বীকৃতিপ্ৰাপ্ত সুৰাৰ দোকানৰ পৰাহে গ্ৰাহকে সুৰা ক্ৰয় কৰিব পাৰিব। কিন্তু ইয়াতো আৰোপ কৰা হৈছে চৰ্ত । পূর্বৰ দৰে মদ ক্ৰয় কৰি দোকানৰ ওচৰত বহি পান কৰিব নোৱাৰি। ঘৰলৈ লৈ গৈহে সুৰাপান কৰিব পাৰিব ৷ শেহতীয়াকৈ মধ্যপ্ৰদেশৰ কেবিনেটে সংশোধিত আবকাৰী নীতিত অনুমোদন জনাইছে।
এই প্ৰসংগত মধ্যপ্ৰদেশ চৰকাৰৰ মুখপাত্ৰ নৰোত্তম মিশ্ৰই কয় যে ৰাজ্যত মদ্যপান ৰোধৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। লগতে তেওঁ কয় যে ৰাজ্যৰ কোনো শিক্ষানুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানৰ পৰা ১০০ মিটাৰৰ ভিতৰত সুৰাৰ বিপণী খুলিব নোৱাৰিব। পূৰ্বৰ নিয়মত এই দূৰত্ব আছিল ৫০ মিটাৰ। কোনোৱে যাতে মদ্যপান কৰি গাড়ী চলাব নোৱাৰে তাৰ বাবে নতুন আবকাৰী নীতিত অভিযুক্তৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ব্যৱস্থা আছে।
কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়ে নিয়ন্ত্ৰিত আবকাৰী নীতিৰ আহ্বান জনাই সকলোকে সুৰাৰ পৰিৱৰ্তে গাখীৰ খোৱাৰ আহ্বান জনাইছিল। সুৰাৰ দোকানৰ সন্মুখত দুটা গৰু বান্ধি সুৰা সেৱন আৰু বিক্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ স্বৰূপে সুৰাৰ দোকান এখনো গোবৰেৰে ঢাকি দিয়ে। মধ্যপ্ৰদেশ শিৱৰাজ সিং চৌহানৰ চৰকাৰে দলৰ নেতাৰ মদ্যপান বিৰোধী স্থিতিৰ পিছতে ৰাজ্যত সুৰা সেৱন নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।