নৱবৰ্ষৰ আৰম্ভণিতেই ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰ জিলাৰ এগৰাকী ছাত্ৰীয়ে ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ধ্যানী দৃষ্টি কাশ্যপ নামৰ শিক্ষার্থী গৰাকীয়ে ৷ শিৱসাগৰ পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী মনোজ হাজৰিকা আৰু ময়ূৰী শৰ্মা হাজৰিকাৰ কন্যা হৈছে ধ্যানী ৷ তেওঁ এখিলা পদুমৰ পাতত ৮৩৮ টা স্বস্তিক অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰৰ নাজিৰাস্থিত দিল্লী পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ধ্যানী দৃষ্টি কাশ্যপ ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে ধ্যানী দৃষ্টি কাশ্যপে এখিলা আহঁত পাতত ৮ টাকৈ ধৰ্মৰ নাম আৰু চিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ পৰা বিশেষ উদগণি পত্ৰ লাভ কৰিছিল ৷ শেহতীয়াকৈ এখিলা পদুমৰ পাতত ৮৩৮ টা স্বস্তিক চিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিলে এইগৰাকী ছাত্ৰীয়ে ৷
দিখৌ পৰীয়া সন্মিলিত যুৱ সংঘ,বিনাপানী সংগীত মহাবিদ্যালয়, উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা অনুসুচিত জাতি ছাত্র সন্থাকে আদি কৰি বহু কেইটা সংগঠনে তেওঁক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে ।