২০০৯ বৰ্ষৰ নৱবৰ্ষৰ প্ৰথম দিনটোতে প্ৰতিষ্ঠা লাভ কৰা ভাৰতবৰ্ষৰ প্ৰায়ভাগ ৰাজ্যতে অনুষ্ঠিত বিভিন্ন ৰাষ্ট্ৰীয় একতা শিবিৰ , লোক সংস্কৃতি মহোৎসৱত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক সুন্দৰ আৰু আকৰ্ষণীয় ৰূপত উপস্থাপন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা তথা পঞ্জাৱত অনুষ্ঠিত কিচমে হ্যে কিতনা দম ট্যালেন্ট হান্ট প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা দ্ৰোৰ্ণাচাৰ্য দ্যা ৰিডম অৱ আৰ্ট ৰ প্ৰতিষ্ঠা দিৱস নগাঁও জিলা পুথিভঁৰালত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় ৷ ৰাতিপুৱা ৭বাজি ৩০ মিনিটত পতাকা উত্তোলন কৰে কাৰ্য্যকৰী সভাপতি ৰতন কুমাৰ শইকীয়াই ৷
বিশিষ্ট সমাজ কৰ্মী ৰাধা ৰামন খাটোৱালে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগীতা আৰু আকৰ্ষণীয় যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বি শতাধিক প্ৰতিযোগীয়ে যোগদান কৰা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আন্তঃজাতিক মানৱ অধিকাৰ ৰাজদূত সংগঠনৰ আন্তঃজাতিক সম্পাদক প্ৰধান ড° হৰেশ্বৰ শইকীয়াই ৷ উদ্বোধনী ভাষনত শইকীয়াই কয় যে ” যোগ এক সম্পূৰ্ণ আধ্যাত্মিক বিজ্ঞান , যোগ হৈছে সুস্থ শৰীৰ আৰু বিজ্ঞানৰ এক সংযোগী কলা ৷ যোগাভ্যাসে মন আৰু শৰীৰত শক্তি উৎপন্ন কৰাৰ লগতে মনটোক স্থিৰ আৰু শান্ত কৰি তোলে ৷ যোগ ক্ৰিয়াৰ লগত নিজকে সংলগ্ন কৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনায় ৷
” চিত্ৰাংকন প্ৰতিযোগীতাৰ ক শাখাত যথাক্ৰমে নন্দিনী ৰায়, শুমাংসু পাল আৰু অংশুময়ী বিষয়াই প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান আৰু খ শাখাত নিবজ্যোতি বৰদলৈয়ে প্ৰথম স্থান আৰু দিউকজিৎ কাশ্যপ য়ে দ্বিতীয় স্থান লাভ কৰে। যোগাসন প্ৰতিযোগীতাৰ আঠ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত জাহ্নৱী গোস্বামীয়ে প্ৰথম স্থান, চায়া বৰুৱাই দ্বিতীয় স্থান আৰু কৃতিকা হীৰাই তৃতীয় স্থান আৰু ল’ৰাৰ শাখাত যথাক্ৰমে ঋতুৰাজ বৰা, শুমাংসু পাল আৰু মানস প্ৰতিম শইকীয়াই প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ৮ ৰ পৰা ১৬ বছৰৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত কপিল কুমাৰ দেউৰীয়ে প্ৰথম স্থান , কাশ্যপ মণি শইকীয়াই দ্বিতীয় স্থান আৰু হিৰক জ্যোতি বৰা , ৰিকুৰাজ বৰা আৰু ৰাজদ্বীপ গগৈয়ে তৃতীয় স্থান লাভ কৰে ছোৱালীৰ শাখাত জুস্মিতা শইকীয়াই প্ৰথম স্থান, ভুমিকা সাহানি আৰু অনুভুতি বৰাই যুটীয়াভাৱে দ্বিতীয় স্থান আৰু অংকিতা শইকীয়া, ৰিম্পী বৰা আৰু ভাগ্যশ্ৰী সেনাপতিয়ে তৃতীয় স্থান লাভ কৰে ৷
আকৰ্ষণীয় চেমপিয়ন অৱ দা চেমপিয়ন ল’ৰাৰ শাখাত শুমাংসু পাল আৰু ছোৱালী শাখাত ভাগ্যশ্ৰী সেনাপতিয়ে খিতাপ লাভ কৰে ৷ আচাম টকচৰ মহা প্ৰবন্ধক মিঠু মুগ্ধ গোঁহায়ে উদ্বোধন কৰা প্ৰীতি সন্মিলনত সম্পাদক অঞ্জন শৰ্মা কৌশিকৰ সঞ্চালনাত অনুষ্ঠিত ন-পুৰণি সতীৰ্থ সন্মিলনত সদস্য-সদস্যাসকলে বিগত দিনৰ স্মৃতি সোঁৱৰি আৱেগিক হৈ পৰে আৰু বিভিন্ন অভিজ্ঞতা ব্যক্ত কৰে ৷
দ্ৰোণাচাৰ্য দ্যা ৰিডম অৱ আৰ্টৰ সভাপতি ধনঞ্জয় তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণি সভাত বিশিষ্ট শিক্ষাবিদ ভাৰত চন্দ্ৰ নাথ, জিমনাষ্টিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ যুটীয়া সম্পাদক উজ্বল বৰুৱা, বিশিষ্ট ক্ৰীড়া সংগঠক আলমাচ উদ্দিন আহমেদ হাজৰিকা, ৰিডম অৱ আৰ্টৰ সভাপতি প্ৰতাপ চন্দ্ৰ ডেকা আদি বিশিষ্ট অতিথিসকলে ভাষন প্ৰদান কৰাৰ লগতে নৱবৰ্ষৰ দিনা অনুষ্ঠিত কাৰ্য্যসূচীৰ সলাগ লয়।
বিজয়ী প্ৰতিযোগীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় লগতে দ্ৰোণাচাৰ্য দ্যা ৰিডম অৱ আৰ্টৰ ন-পুৰণি সদস্য-সদস্যাসকলক অভিনন্দন পত্ৰ আৰু ফুলাম গামোছাৰে অভিনন্দন জনোৱাো হয় ৷ দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ সফল ৰূপায়নৰ বাবে সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে অনুষ্ঠানৰ অন্যতম কৰ্মকৰ্তা চক্ৰপানী গোস্বামীয়ে ৷