নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ ৷ ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে নিজৰেই বাসগৃহ জ্বলাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যুৱকজনৰ নাম জমিৰ আলী বুলি জানিব পৰা গৈছে ৷ নগাঁও মৰঙীয়াল পথাৰত সংঘটিত হৈছে এই ঘটনা
প্ৰাপ্ত তথ্য অনুসৰি জমিৰ আলীয়ে বৃহস্পতিবাৰে নিশা ড্ৰাগছ সেৱন কৰি ঘৰত অগ্নি সংযোগ কৰে ৷ ফলত ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ পিছত স্থানীয় ৰাইজে জমিৰ আলীক কৰায়ত্ত কৰি চমজাই দিয়ে আৰক্ষীক।