শিমলুগুৰি ৰে’ল জংছনত জব্দ কৰা হৈছে ডেৰ কোটি টকাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ৰে’লৱে সুৰক্ষা বাহিনীৰ অভিযানত উজনিমুৱা ৰঙিয়া এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি ৷ উক্ত ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে দুই সৰবৰাহকাৰীক ৷ দুই সৰবৰাহকাৰী ক্ৰমে ডাইমণ্ড বৰুৱা (৩৬) আৰু ৰাহুল দাস বুলি চিনাক্ত কৰা হৈছে ৷ শিমলুগুৰি আৰক্ষীৰ জিম্মাত বৰ্তমান দুই সৰবৰাহকাৰী ৷ আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ৰে’লেৰে আহি থকা দুই সৰবৰাহকাৰীৰ পৰা শিমলুগুৰি ৰে’ল জংছনত আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হয় ১৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৷ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য ১.৫০কোটি টকা ৷